ডিজিটেল ডেস্কঃ মীনা কুমাৰী- ভাৰতীয় চিনেমাৰ এনে এটা নাম, যাৰ সৌন্দৰ্য্য আৰু অভিনয়ৰ প্ৰশংসা আজিলৈকে কৰা হয়। ১৯৩২ চনৰ ১ আগষ্টত জন্মগ্ৰহণ কৰা মীনা কুমাৰীয়ে নিজৰ চুটি অভিনয় জীৱনত বিপুল দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছিল। মীনাক ট্ৰেজেডী কুইন নাম দিয়া হৈছিল।
কিন্তু সীমাহীন জনপ্ৰিয়তাৰ পাছতো নায়িকাগৰাকীক চিনি পোৱা নাছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে, যাৰ বাবে ক্ষমা খুজিব লগা হৈছিল শাস্ত্ৰীয়ে।
এই আমোদজনক ঘটনাটো কুলদীপ নায়াৰৰ ‘On Leaders and Icons: From Jinnah to Modi’ নামৰ গ্ৰন্থখনত উল্লেখ আছে। নায়াৰে লিখিছে- তেতিয়া 'পাকিজা’ ছবিখনৰ শ্বুটিং চলি আছিল। মহাৰাষ্ট্ৰৰ তদানীন্তন মুখ্যমন্ত্ৰীয়ে শাস্ত্ৰী জীক ছবিখনৰ শ্বুটিং চাবলৈ আমন্ত্ৰণ জনাইছিল। শাস্ত্ৰীজীয়ে যাব খোজা নাছিল যদিও বহু জোৰ দিয়াৰ পিছত তালৈ ৰাওনা হ’ল।
ষ্টুডিঅ’ত উপস্থিত হোৱাৰ লগে লগে শাস্ত্ৰীজীক আদৰণি জনোৱা হয় আৰু মীনা কুমাৰীয়ে নিজেই তেওঁক মালা পিন্ধাই সম্ভাষণ জনায়। কিন্তু শাস্ত্ৰী জীয়ে মীনা কুমাৰীক চিনিব নোৱাৰিলে আৰু অতি ভদ্ৰভাৱে 'এই মহিলাগৰাকী কোন’ বুলি সুধিলে। পিছত শাস্ত্ৰীক মীনাৰ কথা কোৱা হ’ল। তাৰ পাছত ৰাজহুৱাভাৱে শাস্ত্ৰী জীয়ে মঞ্চৰ পৰাই ক’লে- ''মীনা কুমাৰী জীয়ে মোক ক্ষমা কৰিব, আগতে তোমাৰ নাম শুনা নাছিলোঁ।’’
কোৱা হয় যে ছবিখনৰ শ্বুটিংৰ সময়ত মীনাই বহুত কষ্টৰ মাজেৰে পাৰ হৈছিল। ১৯৭২ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি পোৱা ছবিখনৰ সময়তে মীনাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। ১৯৭২ চনৰ ৩১ মাৰ্চত মীনাৰ মৃত্যু হয়। কিন্তু তেওঁৰ ছবি 'পাকিজা’ৰ জৰিয়তে অমৰ হৈ পৰিল নায়িকাগৰাকী।
Leave A Comment