comScore
  • 'এক নয়া চৱেৰা’! আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ আন এখন বায়’পিক, কোনে নিৰ্মাণ কৰিছে ছৱিখন?

    মনোৰঞ্জন
    'এক নয়া চৱেৰা’! আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ আন এখন বায়’পিক, কোনে নিৰ্মাণ কৰিছে ছৱিখন?
    ডিজিটেল ডেস্কঃ উমং কুমাৰৰ পৰিচালিত ছবি ‘পি এম নৰেন্দ্ৰ মোডী’য়ে ২০১৯ চনত মুক্তি লাভ কৰিছিল। জীৱনীমূলক ছবিখনত মোডীৰ চৰিত্ৰত অভিনয় কৰিছিল বলীউডৰ অভিনেতা বিবেক অবেৰয়ে। ২০১৯ চনৰ পিছত এইবাৰ ২০২৩ চন। পুনৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিক! বলীউডৰ পৰিচালক ছাব্বিৰ কুৰেশ্বীয়ে নৰেন্দ্ৰ মোদীৰ বায়’পিক নিৰ্মাণ কৰিবলৈ লৈছে। ছবিখনৰ নাম ‘এক নয়া চৱেৰা’।

    এই ছবিখনত শিশু অভিনেতা ৰুদ্ৰ ৰামটেকাৰক বালক মোডীৰ চৰিত্ৰত দেখা যাব। মুম্বাইৰ ব্যৱসায়ী-অভিনেতা বিকাশ মাহান্তে বয়সীয়াল মোডীৰ চৰিত্ৰত অভিনয় কৰিব। ২০১৭ চনত তেওঁ ‘মোডী কাকা কা গাঁও’ ছবিত অভিনয় কৰি দৰ্শক আৰু সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

    ছৱিখনত দেশৰ প্ৰধানমন্ত্ৰীৰ শৈশৱ, কৈশোৰ, যুৱাৱস্থা আৰু বৰ্তমানক দেখুওৱা হ’ব। পৰিচালক ছাব্বিৰ কুৰেশ্বীৰ মতে, নৰেন্দ্ৰ মোডীৰ প্ৰকৃত ব্যক্তিত্ব এতিয়াও বহুতে নাজানে। সেইবাবেই ছৱিখন নিৰ্মাণ কৰা হৈছে।

    পৰিচালকগৰাকীয়ে কয়- ''প্ৰধানমন্ত্ৰীৰ প্ৰতি মোৰ অপৰিসীম শ্ৰদ্ধা আছে, আৰু তেওঁৰ চৰিত্ৰ দৰ্শকৰ সন্মুখত চিত্ৰিত কৰাটো মোৰ বাবে এক সৌভাগ্য আৰু সন্মানৰ বিষয়। প্ৰায় ৬ মাহ ধৰি তেওঁ ছবিখনৰ বাবে গৱেষণা কৰিছিলো।’’

    ‘এক নয়া সৱেৰা’ ছবিখনে দেশবাসীক অনুপ্ৰাণিত কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰগতিৰ পথ হ’ব বুলি পৰিচালকগৰাকীয়ে আশা প্ৰকাশ কৰিছে।

    শান্তি দেৱী আগৰৱালাক ‘এক নয়া সৱেৰা’ ছবিত মোডীৰ মাতৃ হীৰাবেনৰ চৰিত্ৰত দেখা যাব। মোডীৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিব গুঞ্জন ৰামটেকাৰ। মোডীৰ পিতৃ দামোদৰদাস মোডীৰ ৰূপত দেখা যাব চিকন্দৰ খানক।