comScore
  • অলৌকিক কাণ্ড ঘটিছিল নাৰ্গিছ ফাখৰীৰ স’তে! নায়িকাৰ আলমাৰিত উদ্ধাৰ হৈছিল ছটাকৈ মৃত চৰাই, দেখিছিল দুঃস্বপ্ন

    মনোৰঞ্জন
    অলৌকিক কাণ্ড ঘটিছিল নাৰ্গিছ ফাখৰীৰ স’তে! নায়িকাৰ আলমাৰিত উদ্ধাৰ হৈছিল ছটাকৈ মৃত চৰাই, দেখিছিল দুঃস্বপ্ন
    ডিজিটেল ডেস্কঃ  ‘ৰকষ্টাৰ’ ছবিৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে নাৰ্গিছ ফাখৰীয়ে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে ‘মাদ্ৰাছ কেফে’, ‘মে তেৰা হিৰো’, ‘হাউছফুল’, ‘আজহাৰ’ আদি ছবিত দৰ্শকৰ হৃদয় চুৰি কৰিছিল। কিন্তু  তেওঁ নিজকে সদায় সাধাৰণ মানুহ বুলি গণ্য কৰি আহিছে। তাৰ বাবেই তেওঁ উদ্যোগটোত বিপদত পৰিবলগীয়া হৈছিল।

    প্ৰথমবাৰৰ বাবে মায়ানগৰীত ভৰি দিলে, ঘৰ বিচাৰি থাকোঁতে তেওঁ অলৌকিক ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ল। ভাড়াঘৰ পালেও তাত থকা সকলো অদ্ভুত কিছু কাণ্ডৰ বাবে তেওঁ থাকিব নোৱাৰিলে।

    নিউয়ৰ্কত জন্মগ্ৰহণ কৰা নাৰ্গিছৰ মুম্বাইত পূৰ্বৰ কোনো চিনাকি নাছিল। ‘ৰকষ্টাৰ’ৰ সফলতাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ঘৰ বিচাৰিবলৈ আৰম্ভ কৰে। বান্দ্ৰাৰ অভিজাত এলেকাত এটা ফ্লেট ভাড়াত লৈছিল। অৱশ্যে সেই ফ্লেটটোত প্ৰৱেশ কৰাৰ পিছত ইটোৰ পিছত সিটোকৈ অস্বাভাৱিক ঘটনা সংঘটিত হ’বলৈ ধৰিলে অভিনেত্ৰীগৰাকীৰ লগত। নাৰ্গিছে ৰাতি শুব পৰা নাছিল, মাথোঁ দেখিছিল অদ্ভুত সপোন।

    নাৰ্গিছৰ ভাষাত "মই সপোনত ছয় ফুট ওখ মানুহ এজনক দেখিছিলোঁ। সেইটোৱে মোক টানি লৈ যায় শ্মশানলৈ। তাত তেওঁ মাংস খায় আৰু মোকো জোৰকৈ খাবলৈ দিছিল। ৰাতিৰ পিছত ৰাতি এইটো সপোন দেখিছিলো।’’

    অৱশ্যে অৱশেষত সেই ফ্লেটটো এৰি দিল্লীলৈ গুচি যায় অভিনেত্ৰীগৰাকী। সেই ফ্লেটতে নিজৰ আচবাববোৰ এৰি থৈ যায়। কিন্তু পিছত অভিনেত্ৰীগৰাকীয়ে জানিব পাৰিলে যে তেওঁৰ আলমাৰীত ছটা মৃত চৰাই উদ্ধাৰ কৰা হৈছে। কিন্তু এই সকলোবোৰ ঘটনা কিয় ঘটিছিল তাৰ কোনো ব্যাখ্যা নাৰ্গিছৰ হাতত নাই।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388