comScore
  • 'নাটু নাটু’ৰ তালত নাচিবলৈ মন নেকি আপোনাৰ? এখন প্ৰখ্যাত মালায়লম কাকতত প্ৰকাশিত এই টিউটৰিয়েলটো চাওক, ষ্টেপ বাই ষ্টেপ কেনেদৰে নাচিব লাগে শিকক!

    মনোৰঞ্জন
    'নাটু নাটু’ৰ তালত নাচিবলৈ মন নেকি আপোনাৰ? এখন প্ৰখ্যাত মালায়লম কাকতত প্ৰকাশিত এই টিউটৰিয়েলটো চাওক, ষ্টেপ বাই ষ্টেপ কেনেদৰে নাচিব লাগে শিকক!
    ডিজিটেল ডেস্কঃ নাটু নাটু! দেশজুৰি এতিয়া নাটু নাটু! অস্কাৰ জয়ৰ পিছেত সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে নাটু নাটুৰ উন্মাদনা। গীতটোৰ বিট আৰু কোৰিঅ’গ্ৰাফীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

    আপোনাৰো মন গৈছে নাটু নাটুৰ তালত নাচিবলৈ? তেনে চিন্তা নাই। প্ৰখ্যাত মালায়ালম বাতৰি কাকত 'মনোৰমা’ত পাঠকক নাটু নাটুৰ নৃত্য শিকাবলৈ বিশদ টিউটৰিয়েল প্ৰকাশ কৰিছে। 'আৰ আৰ আৰ’ গীতটোৰ নৃত্য পৰিচালনা তিনিটা ভাগত ভাগ কৰা হৈছে, য’ত চিত্ৰকল্প আৰু ব্যাখ্যা আছে। ভাইৰেল হৈ পৰা টিউটৰিয়েলটোত জুনিয়ৰ এন টি আৰ আৰু ৰাম চৰণে নাটু নাটুৰ হুক ষ্টেপ পৰিৱেশন কৰাৰ কেৰিকেচাৰো আছে।



    উল্লেখ্য যে  নাটু নাটুৰ গায়কদ্বয় হৈছে ৰাহুল ছিপলিগঞ্জ আৰু কালা ভৈৰৱ। সুৰকাৰৰ লগতে পৰিচালক হৈছে এমএম কিৰৱানী।  ‘নাটু নাটু’ হৈছে অস্কাৰত ‘অৰিজিনেল ছং’ শিতানত মনোনীত হোৱা প্ৰথমটো তেলেগু গীত। ইয়াৰ পূৰ্বে জানুৱাৰী মাহত নাটু নাটুৱে শ্ৰেষ্ঠ মৌলিক গীতৰ গোল্ডেন গ্ল’ব লাভ কৰিছিল।

    দুগৰাকী তেলেগু স্বাধীনতা সংগ্ৰামী আল্লুৰী সীতাৰামা ৰাজু আৰু কোমাৰম ভীমৰ জীৱনৰ আধাৰত নিৰ্মিত কাল্পনিক কাহিনীৰে নিৰ্মাণ কৰা হৈছিল 'আৰআৰআৰ’। ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনে বিশ্বজুৰি ১২০০ কোটিৰো অধিক ধন সংগ্ৰহ কৰে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388