comScore
  • দীঘলীয়া দাম্পত্য কলহ! নৱাজুদ্দিন ছিদ্দিকী পৰিয়ালৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ আনিলে অভিনেত্ৰীগৰাকীৰ পত্নী আলিয়াৰ অধিবক্তাই, কি কি ক’লে তেওঁ?

    মনোৰঞ্জন
    দীঘলীয়া দাম্পত্য কলহ! নৱাজুদ্দিন ছিদ্দিকী পৰিয়ালৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক অভিযোগ আনিলে অভিনেত্ৰীগৰাকীৰ পত্নী আলিয়াৰ অধিবক্তাই, কি কি ক’লে তেওঁ?
    ডিজিটেল ডেস্কঃ নৱাজুদ্দিন ছিদ্দিকী আৰু তেওঁৰ পত্নী আলিয়া ছিদ্দিকিৰ ভগ্ন সংসাৰ দীৰ্ঘদিন ধৰি চৰ্চিত হৈ আহিছে। আলিয়াই পুনৰ নৱাজুদ্দিন আৰু অভিনেতাজনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে। নিজৰ ঘৰতে গৃহবন্দী হোৱাৰ দৰে অনুভৱ হৈছে তেওঁৰ।

    আলিয়াৰ অধিবক্তাগৰাকীয়েও অভিযোগ আনিছে অভিনেতাজনৰ বিৰুদ্ধে। অভিযোগ কৰা হৈছে যে অভিনেতাজনৰ পৰিয়ালে আলিয়াক এসপ্তাহধৰি খাদ্যৰ যোগান ধৰা নাই। শৌচাগাৰ ব্যৱহাৰৰো অনুমতি নাই।

    এই সংঘাতৰ উৎপত্তি মূলতঃ অভিনেতাৰ মাতৃ মেহৰুন্নিছা ছিদ্দিকিক কেন্দ্ৰ কৰি। সম্পত্তিৰ সৈতে জড়িত জটিলতাৰ ফলতে সংঘাতৰ সৃষ্টি হয়। বোৱাৰী আৰু শাহুৱেকৰ মাজত হোৱা এই সংঘাতৰ ফলত অভিনেতাগৰাকীৰ মাতৃয়ে আৰক্ষীৰ দ্বাৰস্থ হয়। তেতিয়াৰ পৰাই পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত অভিনেতাগৰাকীৰ পত্নীৰ অধিবক্তাই বিস্ফোৰক দাবী উত্থাপন কৰিছে। তেওঁ আৰক্ষীৰ তদন্তক লৈও প্ৰশ্ন উত্থাপন কৰে।

    আলিয়াৰ অধিবক্তাৰ ভাষাত "প্ৰায় প্ৰতিদিনে আলিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে। আলিয়াক জেৰা কৰাৰ উপৰিও সৰু ল’ৰাটোকো ৰেহাই নিদিয়ে। আনকি নৱাজৰ সৈতে তেওঁৰ সম্পৰ্কক লৈও আৰক্ষীয়ে প্ৰশ্ন উত্থাপন কৰে।’’

    আলিয়াই ইতিমধ্যে নৱাজৰ পৰিয়ালৰ বিৰুদ্ধে ৫০৯ ধাৰাত এজাহাৰ দাখিল কৰিছে। অভিনেতাগৰাকীৰ পত্নীৰ অধিবক্তাই পোনপটীয়াকৈ নৱাজুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। আলিয়া আৰু তাইৰ সন্তানক ২৪ ঘণ্টাই পুৰুষ দেহৰক্ষীৰ দ্বাৰা ঘেৰি ৰখা হৈছে৷

    আলিয়াই ২০২০ চনত নৱাজ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ দাখিল কৰিছিল। আলিয়াই কৈছিল স্বামী নৱাজুদ্দিলে কেতিয়াও মাৰধৰ নকৰিলেও  ভাতৃ শ্বামাছ ছিদ্দিকীৰ হাতত তেওঁ প্ৰহৃত হৈছিল। তেতিয়াৰ পৰাই নৱাজুদ্দিন আৰু আলিয়া পৃথকে পৃথকে থাকে। বিবাহ বিচ্ছেদৰ কথা উলায়৷

    কিন্তু ২০২১ চনত আলিয়াই নৱাজৰ স’তে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত বাতিল কৰে। কিন্তু শেহতীয়াকৈ পুনৰ তেওঁলোকৰ দাম্পত্য কলহৰ বাতৰি শিৰোনামালৈ আহিছে৷
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388