ডিজিটেল ডেস্কঃ টেলিভিছন বা চিনেমাৰ জগতত তাৰকাসকলে প্ৰায়েই অশ্লীল প্ৰস্তাৱ লাভ কৰে। চিনেমাত অভিনয়ৰ সুযোগ দিয়াৰ চলেৰে তেওঁলোকক এইধৰণৰ প্ৰস্তাৱ দিয়া হয়। যোৱা কেইটামান দশকত বহু তাৰকাই নিজৰ ভয়ানক অভিজ্ঞতাৰ বিষয়ে সদৰী কৰিছে। শেহতীয়াকৈ দক্ষিণ ভাৰতৰ ‘লেডী ছুপাৰষ্টাৰ’ নয়নতৰাইও এই বিষয়ে বিস্ফোৰক ভাষ্য আগবঢ়াইছে।
তেওঁ কয় যে এখন ছবিত অভিনয় কৰিবলৈ তেওঁক অশ্লীল প্ৰস্তাৱ দিয়া হৈছিল। কিন্তু তেওঁ সেই প্ৰস্তাৱ বিতৃষ্ণাত নাকচ কৰে। এনেধৰণৰ প্ৰলোভনত ভৰি দিয়াতকৈ নিজৰ প্ৰতিভাৰ ওপৰত আস্থা ৰাখি আহিছে নয়নতৰাই। তেওঁৰ বিশ্বাস আছিল যে এদিন এই প্ৰতিভাৰেই তেওঁ সফলতা লাভ কৰিব।
বৰ্তমান কেৰিয়াৰৰ শিখৰত আছে নয়নতৰা। তথাপিতো অভিনয় কেৰিয়াৰৰ প্ৰথমৰ দিনসমূহৰ কথা ভাবিলে শিয়ৰি উঠে তেওঁ। তেওঁৰ দাবী, "মি টু আন্দোলন যিমানেই নহওক কিয়, কিছুমান চিনাকি মুখো আঁৰত একেই। তেওঁলোকৰ উদ্দেশ্য মহিলাক হাৰাশাস্তি কৰা। কাষ্টিং কাউচ এতিয়াও উদ্যোগটোত এটা ডাঙৰ সমস্যা।”
উল্লেখ্য যে শীঘ্ৰে শ্বাহৰুখ খানৰ সৈতে ‘জোৱান’ত অভিনেত্ৰীগৰাকীক দেখা যাব। ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ছবিখনৰ কাম আৰম্ভ হৈছিল যদিও মহামাৰীৰ বাবে কাম ব্যাহত হৈছিল। পুনে, মুম্বাই, চেন্নাই আৰু হায়দৰাবাদৰ বিভিন্ন প্ৰান্তত শ্বুটিং চলি আছে। বাকী কাম ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব।
Leave A Comment