ডিজিটেল ডেস্কজনপ্ৰিয় অভিনেত্ৰী নীনা গুপ্তাই এক সাক্ষাৎকাৰত অতীতৰ বহু কথা সুঁৱৰি আৱেগিক হৈ পৰে৷ এই সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰিছিল কেনেকৈ উপযুক্ত হোৱা স্বত্বেও নিৰ্বাচিত চৰিত্ৰত কাষ্ট কৰা হোৱা নাছিল তেওঁক ।তেওঁ কয় যে, এই উদ্যোগটোত বিনয়ী হোৱাটোৱে কাম নিদিয়ে।
অভিনেত্ৰী নীনা গুপ্তাই শেহতীয়াকৈ এক পুৰণি স্মৃতি ভাগ বতৰা কৰিছিল৷ তেওঁৰ বন্ধুৱে তেওঁক তেওঁৰ চলচ্চিত্ৰত কাষ্ট কৰা নাছিল যদিও সেই প্ৰকল্পটোত তেওঁৰ বাবেই এটা চৰিত্ৰ তৈয়াৰ কৰা হৈছিল। এক সাক্ষাৎকাৰত, নীনা গুপ্তাই স্পষ্টকৈ কয় যে এই উদ্যোগটোত নিৰ্লজ্জ হ'ব লাগিব। তেওঁ বিশ্বাস কৰে যে শালীনতাই ইয়াত কাম নকৰে।
নীনা গুপ্তাক শেষবাৰৰ বাবে সূৰজ বৰজাতিয়াৰ উনচাইত অমিতাভ বচ্চন, বোমান ইৰাণী, অনুপম খেৰ, ডেনি ডেনজংপা, নাফিছা আলী, চাৰিকা আৰু পৰিণীতি চোপ্ৰাৰ সৈতে দেখা গৈছিল। নীনাই সঞ্জয় মিশ্ৰাৰ সৈতে বধত অভিনয় কৰিব।
সেই বিশেষ চলচ্চিত্ৰখনৰ লণ্ডনত দৃশ্যগ্ৰহণ চলি থকা সময়ত নীনা গুপ্তাই লেডিজ স্পেচিয়েলত কাম কৰিছিল। সেই সময়তেই তেওঁ জানিব পাৰিছিল যে চলচ্চিত্ৰখনত এটা চৰিত্ৰ আছে নীনাৰ বয়সৰ সৈতে সাদৃশ্য থকা৷কিন্তু কথা দিয়া স্বত্বেও । সেই চৰিত্ৰত তেওঁক কাষ্ট কৰা হোৱা নাই বুলি গম পোৱালৈকে ইতিমধ্যে শ্বুটিং আৰম্ভ হৈছিল। আনফালে,নীনা গুপ্তাই তেওঁ অভিনয় কৰিবলগীয়া চৰিত্ৰটিৰ কথা সুধোতে পাহৰিলোঁ বুলিয়েই দ্বায়িত্ব সামৰিছিল পৰিচালকে৷
Leave A Comment