ডিজিটেল ডেস্কঃ দুটা বিষয়ক লৈয়েই দেশত আটাইতকৈ বেছি কৌতুহলৰ সৃষ্টি হয়। সেয়া হৈছে যৌনতা আৰু শ্বাহৰুখ খানে! যৌনতা আৰু শ্বাহৰুখ খানেই আটাইতকৈ বেছি বিক্ৰী হয়।— অভিনেত্ৰী নেহা ধুপিয়াই দুটা দশকৰ আগতে এইদৰে কৈছিল।
বিশ বছৰ পূৰ্বে নেহাৰ এই মন্তব্য শ্বাহৰুখ অভিনীত ছবি 'পাঠান’ৰ সফলতাৰ পিছত পুনৰ পোহৰলৈ আহিছে। এই লৈ উচ্চসিত হৈ পৰিছে অভিনেত্ৰীগৰাকী নিজে! টুইটাৰত তেওঁ কয়- “বিশ বছৰৰ পাছতো এই কথাটো সঁচা। ই কোনো 'অভিনেতাৰ কেৰিয়াৰ' নহয়, বৰঞ্চ 'ৰজাৰ ৰাজত্ব'হে।"
নেহাই যৌনতা আৰু শ্বাহৰুখ খানক লৈ এই মন্তব্য প্ৰদান কৰিছিল ২০০৪ চনৰ এক সাক্ষাৎকাৰত। সেইসময়ত নেহাই অভিনয় কৰা ‘জুলি’ নামৰ চিনেমাখনৰ অন্তৰংগ দৃশ্যসমূহ যথেষ্ট চৰ্চিত হৈছিল। 'জুলি’ৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰতে তেওঁ কৈছিল যে যৌনতা অথবা শ্বাহৰুখ খানেই আটাইতকৈ বেছি বিক্ৰী হয়।
উল্লেখ্য যে চাৰি বছৰৰ পাছত শ্বাহৰুখে ‘পাঠান’ ছবিৰে ৰাজকীয় প্ৰত্যাৱৰ্তন কৰিছে। ছবিখন চাই নেহা ধুপীয়া সুখী। তেওঁ বিশ বছৰৰ পূৰ্বে কৰি যোৱা নিজৰ মন্তব্যৰ বাবেও গৌৰৱান্বিত।
Leave A Comment