comScore
  • হিজাব পিন্ধিলেও বিজেপিৰ সমস্যা হয়, বিকিনি পিন্ধিলেও সমস্যা হয়, কিয়? প্ৰশ্ন কৰিলে তৃণমূল কংগ্ৰেছৰ সাংসদ তথা অভিনেত্ৰী নুছৰতে

    মনোৰঞ্জন
    হিজাব পিন্ধিলেও বিজেপিৰ সমস্যা হয়, বিকিনি পিন্ধিলেও সমস্যা হয়, কিয়? প্ৰশ্ন কৰিলে তৃণমূল কংগ্ৰেছৰ সাংসদ তথা অভিনেত্ৰী নুছৰতে
    ডিজিটেল ডেস্কঃ ‘পাঠান’ ছৱিৰ ‘বেছৰম ৰং’ গানটোত দীপিকা পাডুকনে পৰিধান কৰা গেৰুৱা বিকিনিক লৈ তোলপাৰ লাগি আছে দেশ। হিন্দুত্ববাদী সংগঠনসমূহে ছৱিখন নিষিদ্ধ ঘোষণা কৰিছে। তেনে সময়তে মুখ খুলিছে বাংলা ছৱি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানে।

    “বেছৰম গানটোত দীপিকাই মোক মুগ্ধ কৰিছে। অসাধাৰণ লাগিছে তেওঁক।”- এটা সংবাদ মাধ্যমৰ আগত নুছৰতে কয়।

    “এই বিতৰ্কবিলাক নকৰি ছৱিখন কেনেকুৱা হ’ব, সেইবিষয়ে আলোচনা হোৱা উচিত।”- অভিনেত্ৰীগৰাকীয়ে কয়।

    বিজেপি দলকো কটাক্ষ কৰে নুছৰতে। কয়- “এই দলটোৰ সকলোতে সমস্যা। কোনে কি খাব, কি পিন্ধিব সেয়া লৈয়ে ব্যস্ত থাকে এওঁলোক। হিজাবক লৈও এইসকলৰ সমস্যা, বিকিনিক লৈও সমস্যা। দেশৰ মহিলাসকলে কি পিন্ধিব, তাক কোৱাৰ দায়িত্ব এইসকলক কোনে দিছে?”

    উল্লেখ্য যে দীপিকাক কেন্দ্ৰ কৰি বিতৰ্ক আৰম্ভ কৰিছিল মধ্যপ্ৰদেশৰ বিজেপি নেতা নৰোত্তম মিশ্ৰই। মিশ্ৰই টুইট কৰি জনাইছিল যে পাঠান ছৱিখনৰ বহু দৃশ্য অশ্লীল। সেয়ে ছৱিখন নিষিদ্ধ কৰা উচিত।