ডিজিটেল ডেস্কঃ বছৰজোৰা প্ৰতীক্ষাৰ অন্ত পৰিল। লছ এঞ্জেলছৰ হলিউডস্থিত বিখ্যাত ডলবী থিয়েটাৰত প্ৰদান কৰা হয় ৯৫সংখ্যক অস্কাৰ।
জিলিকি উঠে ডেনিয়েল কোৱান আৰু ডেনিয়েল চ্ছেইনাৰ্টৰ দ্বাৰা পৰিচালিত ছৱি 'এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স’। ছৱিখনে কেইবাটাও সন্মান লাভ কৰিবলৈ সম্যৰ্থ হয়।
জিলিকি উঠে ভাৰতৰ সংগীতো। 'আৰআৰআৰ’ ছৱিত এমএম কীৰাৱানিৰ দ্বাৰা পৰিচালিত আৰু ৰাহুল ছিল্পিগুঞ্জ, কালা ভৈৰৱে কণ্ঠদান কৰা 'নাটু নাটু’।
চাওঁ আহক অস্কাৰ লাভ কৰা শিল্পী আৰু ছৱিসমূহৰ তালিকাখনঃ
শ্ৰেষ্ঠ ছৱিঃ
এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স (Everything Everywhere All at Once)
শ্ৰেষ্ঠ পৰিচালকঃ
'এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স’ৰ বাবে ডেনিয়েল কোৱান আৰু ডেনিয়েল চ্ছেইনাৰ্ট
শ্ৰেষ্ঠ অভিনেত্ৰীঃ
'এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স’ৰ বাবে মিকেলা য়হ (Michelle Yeoh)
শ্ৰেষ্ঠ অভিনেতাঃ
'দ্যা হুৱেল’ ছৱিৰ বােব ব্ৰেণ্ডন ফ্ৰেজাৰ (Brendan Fraser)
শ্ৰেষ্ঠ গানঃ
'আৰআৰআৰ’ ছৱিৰ 'নাটু নাটু’
শ্ৰেষ্ঠ ডকুমেণ্টেৰী ছৱিঃ
নাভালনী (Navalny)
শ্ৰেষ্ঠ এডেপ্টেড স্ক্ৰীণপ্লে’ঃ
ৱমেন টকিং (Women Talking)
শ্ৰেষ্ঠ অ’ৰিজিনেল স্ক্ৰীণপ্লে’ঃ
এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স (Everything Everywhere All at Once)
শ্ৰেষ্ঠ কষ্টিউম ডিজাইনঃ
ব্লেক পান্থাৰঃ ৱাকান্দা ফৰেভাৰ (Black Panther: Wakanda Forever)
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছৱিঃ
অল কুৱাইট অন দ্যা ৱেষ্টাৰ্ণ ফ্ৰণ্ট (All Quiet on the Western Front)
শ্ৰেষ্ঠ সহঃঅভিনেতাঃ
'এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স’ৰ বাবে কে হুই কুৱান (Ke Huy Quan)
শ্ৰেষ্ঠ এনিমেচন ছৱিঃ
গুইলাৰ্ম’ ডেল টৰৰ 'পিন’চ্চিয়’ (Guillermo Del Toro’s Pinocchio)
Leave A Comment