ডিজিটেল ডেস্কঃ বহু প্ৰতিক্ষাৰ অন্তত শ্বাহৰুখ খানৰ নতুন ছৱি 'পাঠান’-এ মুক্তিৰ ক্ষণ গণিছে। দেশজুৰি উত্তাল হৈ আছে ছৱিখনক লৈ। বিতৰ্কত সোমাই পৰিছে শ্বাহৰুখ খান আৰু দীপিকা পাডুকন।
তাৰকা দুগৰাকীৰ উপৰিও ছৱিখনত অভিনয় কৰিছে জন আব্ৰাহাম, আশুতোষ ৰাণা, ডিম্পল কাপাডিয়াৰ দৰে চিনাকি মুখে। বিতৰ্কৰ সমানে সমানে ছৱিখনৰ পৰা এওঁলোকে লাভ কৰা পৰিশ্ৰমিকে চৰ্চা লাভ কৰিছে। চাও আহক কোনে কোনে কিমান উপাৰ্জন কৰিছে পাঠানৰ পৰা।
পাঠানৰ বাজেট হৈছে ২৫০ কোটি। অকল শ্বাহৰুখ খানেই লাভ কৰিছে ১০০ কোটি টকা। অৰ্থাৎ ছৱিখন মূলতঃ শ্বাহৰুখ কেন্দ্ৰীক ভাৱে নিৰ্মাণ কৰা হৈছে।
দীপিকা পাডুকনে লাভ কৰিছে ১৫ কোটি টকা। জন আব্ৰাহমে লাভ কৰিছে ২০ কোটি টকা। ইয়াৰ বিপৰীতে আশুতোষ ৰাণা আৰু ডিম্পল কাপাডিয়াৰ পৰিশ্ৰমিকৰ বিষয়ে জনা হোৱা নাই।
Leave A Comment