ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া 'পাঠান’ জ্বৰ। শ্বাহৰুখৰ ছবিখনৰ বিজয়ৰথ এতিয়াও বন্ধ হোৱা নাই। সকলোৱে প্ৰশংসা কৰিছে ছৱিখনক। কিন্তু সকলো ‘শুদ্ধ’তে কিছুমান ‘ত্ৰুটি’ও লুকাই থাকে। 'পাঠান’ক সৰ্বাংগসুন্দৰ বুলি ক’লেও ছৱিখনত বহুকেইটা ভুল-ত্ৰুটি দেখা পাইছে বহুতে। ছ’চিয়েল মিডিয়াতো ছবিখনৰ কিছুমান 'ভুল’ক লৈ আলোচনা আৰম্ভ হৈছে। কি কি 'ভুল’ ৰৈ গৈছে 'পাঠান’ত?
ছবিখনৰ একচন দৃশ্যত দীপিকা পাডুকনৰ পেটত গুলিবৰ্ষণ কৰা হৈছে। অচেতন হৈ পৰে দীপিকা। জ্ঞান ঘূৰি অহাৰ পিছত অভিনেত্ৰীগৰাকীৰ পেটৰ বাওঁফাল বেণ্ডেজ লগোৱা দেখা যায়। তাৰপাছৰ দৃশ্যটোত দেখা গৈছে যে পেটত গুলি লগাৰ পিছদিনা ৰাতি শ্বাহৰুখে হোটেলৰ কোঠাত অভিনেত্ৰীগৰাকীৰ পেটৰ সোঁফাল বেণ্ডেজ লগাই আছে।
আন এটা দৃশ্যত আফগানিস্তানত কৰ্তব্যৰত অৱস্থাত শ্বাহৰুখৰ ফালে উৰি আহিছিল মিছাইল। কিন্তু শ্বাহৰুখে হাতৰ মোবাইল ফোনটো দলিয়াই জিপিএছ নিয়ন্ত্ৰিত ক্ষেপণাস্ত্ৰটোৰ পৰা ৰক্ষা পায়। 'পাঠান’ৰ কাহিনীটো ২০০২ চনৰ বুলি জানিব পৰা গৈছে। কিন্তু ২০০৭ চনতহে মোবাইল ফোনত জিপিএছৰ ব্যৱহাৰ আৰম্ভ হৈছিল।
'পাঠান’ত চলমান খানৰ কেমিঅ’ অত্যন্ত চৰ্চিত হৈছে। নায়ক শ্বাহৰুখক বচাবলৈ ছলমানে ট্ৰেইনৰ ওপৰৰ পৰা জপিয়াই ডবাটোত প্ৰৱেশ কৰিছে। হাতত কফিৰ কাপ! কিন্তু প্ৰচণ্ড জাপ মৰাৰ পাছতো হাতৰ কাপটোৰ পৰা কফিখিনি চিটিকি সৰি পৰা নাছিল।
শ্বাহৰুখ আৰু জন আব্ৰাহামক ছবিখনৰ এটা দৃশ্যত আকাশত জেটপেক বিমানত উৰি থকা দেখা গৈছে। দুয়োজনে পৰস্পৰৰ স’তে তীব্ৰ গুলিয়া গুলি চলাইছে। কিন্তু বহুতে দাবী কৰিছে যে বিশেষধৰণৰ চছমা পিন্ধাকৈ সেই উচ্চতাত ওপঙি থকাটো অসম্ভৱ।
'ঝুমে জো পাঠান' গানটোতো অনেক ত্ৰুটি দেখা গৈছে। এই গীতটোত শ্বাহৰুখৰ পিছফালে এটা ঘড়ী আছে। কিন্তু ঘড়ীটোৰ সময় একাধিক দৃশ্যত সলনি হৈছে। ইয়াৰ উপৰিও গীতটোত লং শ্বট আৰু ক্ল’জ শ্বটত দীপিকাই কেইবাযোৰো জোতা পিন্ধাটোও বহুতে লক্ষ্য কৰিছে।
কেৱল এইসমূহেই নহয়, এনেধৰণৰ কেইবাটাও সূক্ষ্ম ত্ৰুটি ইতিমধ্যে ধৰা পেলাইছে উৎসুকী দৰ্শকসকলে।
Leave A Comment