ডিজিটেল ডেস্কঃ শ্বাহৰুখ-দীপিকাৰ 'পাঠান’ ছৱিৰ 'বেছৰম ৰং’ গানটোক লৈ উত্তাল হৈ আছে দেশ। বিশেষকৈ হিন্দুত্ববাদী সংগঠনসমূহে ছৱিখনক বয়কট কৰাৰ আহ্বান জনাইছে। দীপিকাই গানটোত গেৰুৱা ৰঙৰ বিকিনি পিন্ধাৰ বাবেই সংগঠনসমূহৰ ৰোষত পৰিছে তেওঁ।
পাঠানক বয়কট কৰাৰ দাবী চলি থকাৰ সময়তে মুখ খুলিছে জনপ্ৰিয় মডেল পুনম পাণ্ডেই। 'ইনষ্টেণ্ট বলিউড’ নামৰ এটা চেনেলক দিয়া সাক্ষাৎকাৰত দীপিকাৰ বিকিনিক লৈ প্ৰশ্ন কৰা হয়।
''এই সম্পৰ্কে কথা পতাটো এটা মূৰ্খামী। কাৰণটো হৈছে গানটো খুব ভাললগা। দীপিকাক দেখিবলৈ বৰ ধুনীয়া লাগিছে। এইটো এটা খুব ভাল গান। মোৰ প্ৰিয় শ্বাহৰুখকো দেখিবলৈ অত্যন্ত আবেদনময়ী লাগিছে।’’- দীপিকা পাডুকনক সমৰ্থন জনাই পুনমে কয়।
''কোনে এনেকুৱাকৈ ইমান হটনেছ দেখাব পাৰে, পাপ হয় এয়া!’’- শ্বাহৰুখৰ বিষয়ে কৌতুকভৰা হাঁহিৰে পুনমে কয়।
উল্লেখ্য যে বিতৰ্কৰ মাজতে বেছৰম ৰঙে ইউটিউবত মুক্তিৰ ৯ দিনতে ৯৯ মিলিয়ন ভিউজ লাভ কৰিছে। বেছৰম ৰঙৰ পাছত পাঠান ছৱিৰ 'ঝুমে জ’ নামৰ গানটোৱেও মুক্তিৰ অপেক্ষাত আছে।
Leave A Comment