ডিজিটেল ডেস্ক : গুৱাহাটীত উপস্থিত হৈ একাধিক অনুষ্ঠানত অংশগ্ৰহণ কৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী নেহা ধুপিয়াই। লগতে চেৰাবভাতীৰ গুৰুনানক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ক্ৰীড়া একাডেমি উদ্বোধন কৰে অভিনেত্ৰীগৰাকীয়ে।
ক্ৰীড়া একাডেমি উদ্বোধন কৰি শিক্ষাৰ্থীক উদ্দেশ্যি তেওঁ কয় -'আনুষ্ঠানিক শিক্ষাৰ লগতে ক্ৰীড়াক্ষেত্ৰই আগবঢ়াই নিব শিক্ষাৰ্থীসকলক। খেলপথাৰখন সজাই নথৈ উচিত ব্যৱহাৰ কৰিব লাগিব। শিক্ষাৰ সমান্তৰালকৈ ভাৰসাম্য ৰক্ষা কৰি শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগে খেলপথাৰ'।
আনহাতে তেওঁ আৰু লগতে কয় অসমলৈ পূৰ্বতেও অহাৰ অভিজ্ঞতা আছে অভিনেত্ৰীগৰাকীৰ। নিজৰ সন্মানৰ সৈতে পুনৰ অসমলৈ অহাৰ পৰিকল্পনা আছে নেহা ধুপিয়াৰ। অসমৰ কলা-সংস্কৃতি, আচাৰ-ব্যৱহাৰ, খাদ্যাভাসে আকৰ্ষিত কৰিছে জনপ্ৰিয় বলীউড অভিনেত্ৰী নেহা ধুপিয়াক।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment