ডিজিটেল ডেস্কঃ প্ৰিয়ংকা-নিক জোনাচৰ কন্যা মালতীক দেখি মোহিত হৈ পৰিল এগৰাকী অভিনেত্ৰী। তেওঁ হৈছে বাংলা ছৱি জগতৰ জনপ্ৰিয় মোহময়ী অভিনেত্ৰী ৰিতুপৰ্ণা সেনগুপ্তা।
শেহতীয়াকৈ প্ৰিয়ংকা চোপ্ৰাৰ লছ এঞ্জেলছস্থিত বাসগৃহলৈ গৈছিল ঋতুপৰ্ণা। তাৰপাছতে প্ৰিয়ংকাৰ ঘৰত লাভ কৰা অভিজ্ঞতাৰ বিষয়ে মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে। ক’লে যে প্ৰিয়ংকাৰ কন্যা মালতীক দেখা পোৱাটো তেওঁৰ বাবে অত্যন্ত আনন্দদায়ক আছিল।
প্ৰিয়ংকাৰ মাক মধু চোপ্ৰাৰ নিমন্ত্ৰণমৰ্মেই তালৈ গৈছিল ঋুতপৰ্ণা। অভিনেত্ৰীগৰাকীয়ে, "তেওঁলোকৰ বাসগৃহটো এটা বৃহৎ বাংলো। মই জোনাছ ভাইকো লগ পালো। মই তেওঁলোকৰ আতিথ্যৰ দ্বাৰা অভিভূত হ’লো।’’
প্ৰিয়ংকা চোপ্ৰাকো প্ৰশংসাৰে উপচাই পেলায় অভিনেত্ৰীগৰাকীয়ে। কয়- ''প্ৰিয়ংকাই ইমান কম সময়ৰ ভিতৰতে ইমান খিনি কৰিছে, যাৰ পৰা বহুত শিকিব লগা আছে। হলিউডত স্থান লোৱাৰ পৰা বিশ্ববিখ্যাত হোৱালৈকে কম সৰু কথা নহয়!’’
তাৰ পিছতে ৰিতুপৰ্ণাই মালতী সন্দৰ্ভত কয়- "মই অলপ সময়ৰ বাবে মালতীক দেখিলো। বৰ মিঠা ছোৱালী।"
উল্লেখ্য প্ৰিয়ংকা আৰু নিক জোনাছে এতিয়াও মালতীৰ মুখখন সামাজিক মাধ্যমত প্ৰকাশ কৰা নাই।
Leave A Comment