comScore
  • শ্বাহৰুখৰ স’তে বন্ধুত্ব গঢ়াৰ বাবেই কৰণ জোহৰৰ চকুৰ কূটা দাঁতৰ শূল হৈছিল প্ৰিয়ংকা চোপ্ৰা! অভিযোগ কৰিলে কংগনা ৰানাৱটে

    মনোৰঞ্জন
    শ্বাহৰুখৰ স’তে বন্ধুত্ব গঢ়াৰ বাবেই কৰণ জোহৰৰ চকুৰ কূটা দাঁতৰ শূল হৈছিল প্ৰিয়ংকা চোপ্ৰা! অভিযোগ কৰিলে কংগনা ৰানাৱটে
    ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি বলীউডত থকাৰ পিছত প্ৰিয়ংকা চোপ্ৰাই হলিউডলৈ গৈছে। বলীউডত থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে তাৰকাৰ মৰ্যাদা লাভ কৰে। হলিউডত ভৰি দি নিজৰ ৰেট বৃদ্ধি কৰিছে ‘দেশী গাৰ্ল’-এ। অৱশ্যে শেহতীয়াকৈ প্ৰিয়ংকাই বলীউড এৰি হলিউডলৈ যোৱাৰ আচল কাৰণৰ বিষয়ে মুকলিকৈ কয়।

    এটা সাক্ষাৎকাৰত তেওঁ কয়- ''মোক বলিউডত প্ৰায় এঘৰীয়া কৰি দিয়া হৈছিল। মোক ভাল চৰিত্ৰ দিয়া হোৱা নাছিল। মোৰ লগত বহুতৰে সমস্যা হৈছিল। এই সকলোবোৰ লেতেৰা ৰাজনীতিত মই ভাগৰি পৰিছিলো।’’

    আমেৰিকাত গান গাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। প্ৰিয়ংকা এতিয়া হলিউডৰ অন্যতম শ্ৰেষ্ঠ তাৰকা। প্ৰিয়ংকাৰ বলীউড এৰি যোৱাৰ কাৰণ পোহৰলৈ অহাৰ পিছত তেওঁৰ একালৰ সহ অভিনেত্ৰী কংগনা ৰানাৱটে মুখ খুলিছে।

    প্ৰিয়ংকাৰ এই মন্তব্যৰ প্ৰসংগত কংগনাই নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, “এজন স্বনিৰ্মিত তাৰকাক ষড়যন্ত্ৰ কৰি দেশৰ পৰা বহিষ্কাৰ কৰা হ’ল। সকলোৱে জানে যে শ্বাহৰুখ খানৰ লগত বন্ধুত্ব কৰাৰ বাবে কৰণ জোহৰৰ লগত তাইৰ অসুবিধা হৈছিল। চিনেমা মাফিয়াই কেৱল সুযোগ বিচাৰে যে বাহিৰৰ মানুহক কেনেকৈ টাৰ্গেট কৰিব লাগে। প্ৰিয়ংকাৰ লগত এনে ব্যৱহাৰ কৰা হৈছিল যে তেওঁ বলীউড এৰিবলগীয়া হৈছিল।''

    প্ৰিয়ংকাৰ বলীউড এৰি যোৱাৰ বাবে কংগনাই কৰণ জোহৰক দোষাৰোপ কৰে, এই কথা স্পষ্ট হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ টুইটত। কংগনাই আৰু দাবী কৰে, “এই লেতেৰা, হিংস্ৰ, বিষাক্ত আৰু নিম্ন মনৰ মানুহজনৰ পৰা উত্তৰ বিচাৰিব লাগে। ‘এবি’ বা ‘এছ আৰ কে’ৰ সময়ত উদ্যোগটোৱে কেতিয়াও বাহিৰৰ লোকৰ প্ৰতি এই অমানৱীয় নিষ্ঠুৰতা প্ৰদৰ্শন কৰা নাই।''

    প্ৰসংগক্ৰমে কংগনাইয়ে প্ৰথমে কৰণ জোহৰক নেপোটিজিমৰ অভিযোগ উত্থাপন কৰিছিল। আনহাতে, প্ৰিয়ংকা চোপ্ৰা আৰু কংগনা ৰানাৱটে একেলগে কাম কৰিছিল মধুৰ ভাণ্ডাৰকাৰৰ ‘ফেশ্বন’ত। তেতিয়াৰ পৰা অভিনেত্ৰী দুগৰাকীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক চলি আহিছে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388