comScore
  • সাইলাখ ৰবীন্দ্ৰনাথ! বলিউডৰ এগৰাকী বিখ্যাত অভিনেতাই শ্বেয়াৰ কৰিছে নিজৰ ছৱিৰ প্ৰথমটো 'লুক’! কোন তেওঁ?

    মনোৰঞ্জন
    সাইলাখ ৰবীন্দ্ৰনাথ! বলিউডৰ এগৰাকী বিখ্যাত অভিনেতাই শ্বেয়াৰ কৰিছে নিজৰ ছৱিৰ প্ৰথমটো 'লুক’! কোন তেওঁ?
    ডিজিটেল ডেস্কঃ এইবাৰ চিনেমাৰ পৰ্দাত ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰুক লৈ বলীউডত নিৰ্মাণ কৰা হ’ব চিনেমা।  শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পেজতো ৰবীন্দ্ৰনাথৰ বেশত এগৰাকী অভিনেতাৰ ‘লুক’ প্ৰকাশ পাইছে। প্ৰশ্ন হৈছে বলীউডৰ কোনজন অভিনেতাক ৰবীন্দ্ৰনাথৰ চৰিত্ৰত দেখা যাব?

    একোঁচা চুলিৰে গালভৰ্তি বগা দাড়ি। পিন্ধনত ক'লা কাপোৰ। ক'লা-বগা ছবিত কবিগুৰু। কিন্তু সেয়া কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ নহয়, বলীউডৰ অভিনেতা অনুপম খেৰহে! অনুপম খেৰে ৰূপায়ন কৰিব কবিগুৰুৰ চৰিত্ৰ।

    প্ৰথম দৃষ্টিতে তেওঁৰ এই ‘লুক’ দেখি আচৰিত হৈ পৰিল নেটিজেনসকল। ছ’চিয়েল মিডিয়া পেজত ৰবি ঠাকুৰৰ ৰূপত নিজৰ লুক শ্বেয়াৰ কৰি অনুপমে লিখিছে, “মোৰ ৫৩৮ সংখ্যক প্ৰজেক্টত গুৰুদেৱৰ চৰিত্ৰত অভিনয় কৰি গৌৰৱ অনুভৱ কৰিছো। সকলো কথা সঠিক সময়ত ক’ম।''

    অনুপমৰ অনুৰাগীসকল এই লুকত আপ্লুত হৈছে। সাজ-পোছাক আৰু সজ্জাত ৰবীন্দ্ৰনাথক প্ৰায় নিখুঁতভাৱে চিত্ৰিত কৰিছে অভিনেতাগৰাকীয়ে। অনুপমৰ চেহেৰাকো প্ৰশংসা কৰে নেটিজেনসকলে। বহুতে তেওঁৰ প্ৰকল্পৰ বাবে শুভকামনা জনাইছে।

    চলিত বৰ্ষৰ মাৰ্চ মাহত কলকাতা ভ্ৰমণৰ সময়ত অনুপমে শান্তিনিকেতন ভ্ৰমণ কৰিছিল। বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত হৈ অভিনেতাগৰাকী আপ্লুত হৈ পৰে। লগতে ৰবি ঠাকুৰে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থাৰ প্ৰশংসা কৰে। শান্তিনিকেতনত থকা সময়ছোৱাত তেওঁ তাৰ পৰা কেইবাখনো ছবি আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। আনকি অভিনেতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ আগত ৰবীন্দ্ৰ সংগীত গোৱাও দেখা গৈছিল।