ডিজিটেল ডেস্কঃ জীৱনসংগী বিচাৰি আছে অভিনেত্ৰী ৰাইমা সেনে! অভিনেত্ৰীগৰাকীৰ অভিনয় কেৰিয়াৰ এটা যুগতকৈও অধিক যুগ পাৰ হৈ গৈছে। শেহতীয়াকৈ এখন বাংলা সংবাদপত্ৰৰ আগত অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনসংগীগৰাকী কেনেকুৱাহ’ব লাগিব, সেই বিষয়ে মত ব্যক্ত কৰিছে৷
ৰাইমাই কয়, ‘মই বিয়া হ’ব বিচাৰো। সঠিক পাত্ৰ পালেই বিয়া হ'ম।" কিন্তু কেনেধৰণৰ পাত্ৰ বিচাৰে ৰাইমাই? তেওঁৰ স্পষ্ট উত্তৰ- "মই ভাল মানুহ বিচাৰো।"
ৰাইমাই লগতে কয়, ‘মই এনেকুৱা এজন মানুহ বিচাৰো যিয়ে মোৰ জীৱনশৈলীৰ লগত মিলিব পাৰে, অলপ ৰসবোধ থাকিব লাগিব। বেংকত টকা থকাটো গুৰুত্বপূৰ্ণ। সেইটো নাথাকিলে কাম নহ’ব।’’
জীৱনসংগীগৰাকী এজন ভাল বন্ধু হ’ব লাগিব বুলিও কয় অভিনেত্ৰীগৰাকীয়ে। হিন্দী আৰু বাংলা দুয়োটা উদ্যোগতে সমানে কাম কৰি আহিছে ৰাইমাই। কিন্তু তেওঁৰ লক্ষ্য আগতকৈও বেছি ভাল কাম কৰা। ৰাইমাৰ ভাষাত- "মই অলপ বাচি বাচি কাম কৰো৷ মই ভাল কামৰ পক্ষপাতী।”
বলিউডত ৰাইমাই কেইবাখনো ছবিৰ কাম কৰি আছে। এখন বাংলা ধাৰাবাহিকখনৰ উপৰিও তেওঁৰ এখন তামিল ছবি মুক্তিৰ বাবে অপেক্ষা কৰি আছে।
Leave A Comment