comScore
  • ৰজনীকান্তৰ জনপ্ৰিয়তাঃ নতুন ছৱি 'জেইলাৰ’ৰ প্ৰথম দৰ্শনি চাবলৈ জাপানৰ পৰা চেন্নাইলৈ আহিল এহাল দম্পতী

    মনোৰঞ্জন
    ৰজনীকান্তৰ জনপ্ৰিয়তাঃ নতুন ছৱি 'জেইলাৰ’ৰ প্ৰথম দৰ্শনি চাবলৈ জাপানৰ পৰা চেন্নাইলৈ আহিল এহাল দম্পতী
    ডিজিটেল ডেস্কঃ চিনেমাৰ পৰ্দালৈ ঘূৰি আহিছে ছুপাৰষ্টাৰ ৰজনীকান্ত। উতলি উঠিছে সমগ্ৰ দক্ষিণ ভাৰত। বিশেষকৈ তামিলনাডু, কৰ্ণাটকৰ দৰে ৰাজ্যৰ ‘থালাইভা’ অনুৰাগীৰ উৎসাহ স্পষ্ট। ১০ আগষ্টত সমগ্ৰ দেশতে মুক্তি পাব ৰজনীকান্তৰ ছবি ‘জেইলাৰ’। আনকি ছবিখনৰ মুক্তিৰ উপলক্ষে বেংগালুৰুৰ চেন্নাইৰ দৰে চহৰতো বন্ধৰ দিন ঘোষণা কৰা হৈছে।

    ৰজনীকান্ত মেগাষ্টাৰ। তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ বিশ্বতে বিয়পি পৰা। ইয়াৰ প্ৰমাণো পোৱা গৈছে। কেৱল তেওঁৰ ছবি চাবলৈকে জাপানৰ পৰা ভাৰতলৈ আহিছে এহাল দম্পতী।

    জাপানৰ ওছাকা প্ৰদেশৰ পৰা ভাৰতৰ চেন্নাইত উপস্থিত হয় এহাল জাপানী দম্পতী।  ‘জেইলাৰ’ৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ চাবলৈ তেওঁলোক হৈছে। যশুদা হিদেতোছি জাপানৰ ‘ৰজনীকান্ত ফেন ক্লাব’ৰ নেত্ৰী। যোৱা ২০ বছৰ ধৰি তেওঁ ৰজনীৰ অনুৰাগী। যশুদাই কোনো কাৰণতে ৰজনীকান্তৰ ছবিখন মিছ কৰিব নিবিচাৰে। সেয়ে থালাইভাৰ চিনেমা চাবলৈ ১০ আগষ্টত পত্নীৰ সৈতে চেন্নাইত উপস্থিত হয়। ছৱিখনক লৈ যে জাপানী দম্পতীহালে যে অতিশয় উৎসাহিত সেয়া তেওঁলোকৰ সাজ-পোছাকৰ পৰাই স্পষ্ট হৈ পৰিছে। ৰজনীকান্তৰ ছৱি থকা চাৰ্ট পিন্ধি ছবিখন চোৱাৰ পৰিকল্পনা কৰিছে।

    বিশ্বৰ বিভিন্ন প্ৰান্তৰ মুঠ ৪০০০ পৰ্দাত মুক্তি লাভ কৰিছে ৰজনীকান্তৰ ‘জেইলাৰ’। এই ৪০০০খন পৰ্দাৰ ভিতৰত ৮০০খন পৰ্দা তামিলনাডু ৰাজ্যৰ। নতুন ছবিখন মুক্তি পোৱাৰ পূৰ্বে থালাইভাই দৰে হিমালয়লৈ যাত্ৰা কৰিছিল। অৱশ্যে যাত্ৰাৰ পূৰ্বে অনুৰাগীসকলক ছবিসমূহ চাবলৈ অনুৰোধ কৰিবলৈ নাপাহৰিলে ৰজনীকান্তে।\
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388