comScore
  • পাকিস্তানৰ চিনেমাত অভিনয় কৰিব বিচাৰে ৰণবীৰ কাপুৰে, জনালে আৰু কেইবাটাও পৰিকল্পনাৰ কথা

    মনোৰঞ্জন
    পাকিস্তানৰ চিনেমাত অভিনয় কৰিব বিচাৰে ৰণবীৰ কাপুৰে, জনালে আৰু কেইবাটাও পৰিকল্পনাৰ কথা
    ডিজিটেল ডেস্কঃ পাকিস্তানী ছৱিত কাম কৰিব বিচাৰে ৰণবীৰ কাপুৰে। শেহতীয়াকৈ এটা অনুষ্ঠানত এই আকাংক্ষা ব্যক্ত কৰিছে অভিনেতাগৰাকীয়ে। পাকিস্তানৰ এগৰাকী পৰিচালকে সোধা প্ৰশ্নৰ উত্তৰত ৰণবীৰে এই বিষয়ে জনায়।

     “মই ভাবো, শিল্পীৰ বাবে কোনো ভৌগোলিক সীমা নাথাকে। মিলামিছাকৈ থকা আৰু আদান প্ৰদানেই শিল্পৰ মূল চৰ্ত।”- ৰণবীৰে কয়।

    “মোৰ খুব ভাল লাগিব যদি পাকিস্তানৰ কোনো ছৱিৰ অংশ হ’ব পাৰো।”- পাকিস্তানৰ ছৱিত অভিনয় কৰাৰ ইচ্ছাৰ বিষয়ে ৰণবীৰে এইদৰে কয়।

    অনুষ্ঠানটোত আন কিছু কথাও ব্যক্ত কৰে অভিনেতাগৰাকীয়ে। কয় যে তেওঁ ছৱি পৰিচালনাতো মন দিব বিচাৰে। প্ৰযোজনাও কৰিব বিচাৰে। কয়- “মই ছৱি বনাবলৈ বিচাৰো। কিন্তু কাহিনী লিখাৰ সাহস কৰা নাই। কাৰণ মই লেখক নহয়। অন্যৰ স’তে চিন্তাভাৱনাবিলাক ভাগ কৰিবলৈও লজ্জাবোধ কৰো। কিন্তু পাৰিম। অহা ১০ বছৰৰ ভিতৰত এইয়াই কৰিম। মই পৰিচালনা কৰিমেই। সেইসমূহত নিজে অভিনয়ো কৰিম।” 

    উল্লেখ্য যে ৰণবীৰ অভিনীত শেষৰখন ছৱি আছিল ‘ব্ৰহ্মাস্ত্ৰ’। ছৱিখনত পত্নী আলিয়া ভাটৰ স’তে অভিনয় কৰিছিল তেওঁ। ছৱিখনে বিপুল জনপ্ৰিয়তা লাভ কৰিছে। তদুপৰি চলিত বছৰতে তেওঁৰ কন্যা সন্তানৰো জন্ম হৈছে।