comScore
  • ‘‘কোনেও মোক ভাল নাপায়, সকলোৱে মোক ঘৃণা কৰে!’’- কিয় এইদৰে ক’লে ৰশ্মিকা মন্দনাই?

    মনোৰঞ্জন
    ‘‘কোনেও মোক ভাল নাপায়, সকলোৱে মোক ঘৃণা কৰে!’’- কিয় এইদৰে ক’লে ৰশ্মিকা মন্দনাই?
    ডিজিটেল ডেস্কঃ ‘‘কোনেও মোক ভাল নাপায়!’’- এইদৰে দুখপ্ৰকাশ কৰিছে ৰশ্মিকা মন্দনাই।  মানুহে তাইক কিয় ভাল নাপায়, সেইয়া ভাবি আচৰিত হৈছে পুষ্পা ছৱিৰ নায়িকাই।

    কিন্তু ৰশ্মিকাই কিয় এইদৰে ভাবিছে সেয়াও চিন্তা-চৰ্চা আৰম্ভ হৈছে অনুৰাগীসকলৰ মাজত৷ সম্প্ৰতি দক্ষিণৰ চিনেমাৰ উপৰিও বলিউডতো নাম কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ সফলতাৰ শিখৰত উপনীত হৈছে মোহময়ী ৰশ্মিকা৷ তথাপিও কিয় ৰশ্মিকাই এই অনুভৱ কৰিছে তাক লৈ অনুৰাগীসকল ব্যস্ত হৈ পৰিছে৷

    কিছুদিন আগতে ৰশ্মিকাই কৈছিল যে তেওঁ জনপ্ৰিয় কানাড়া ছৱি 'কান্তাৰা' চোৱা হোৱা নাই। নেটফ্লিক্সত কানাড়া চলচ্চিত্ৰখন মুক্তি পোৱাৰ কেইবামাহ হ'ল, কিন্তু ৰশ্মিকাই এতিয়ালৈকে ইয়াক চাব পৰা নাই।

    তাৰ পিছতো ছৱিখনৰ অনুৰাগীসকলৰ মাজত ৰশ্মিকাৰ প্ৰতি বিদ্বেষ আৰম্ভ হৈছে। অভিনেত্ৰীগৰাকীৰ অহংকাৰ হৈে বুলি তেওঁলোকে কৈছে। এইসমূহৰ প্ৰত্যুত্তৰত ৰশ্মিকাই কয়- "মানুহে ভাল পায় আৰু ঘৃণা কৰে। সকলোৰে মন পূৰণ কৰিব নোৱাৰি। "

    শেহতীয়াকৈ 'গুডবাই' ছৱিখনৰ পিছত তেওঁ পুনৰ বলীউডত এখন নতুন ছৱিৰ কামত ব্যস্ত আছে।  'মিছন মজনু' নামৰ এই ছবিখন অ'টিটি মঞ্চত মুক্তি দিয়া হ'ব৷ ৰশ্মিকা আৰু তেওঁৰ সহ-অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাক ছৱিখনত দেখা যাব৷