comScore
  • ৰশ্মিকাই এৰিব বিচাৰিছে নেকি বিজয়ক? সামাজিক মাধ্যমত ৰহস্যধৰ্মী প’ষ্ট, অনুৰাগীৰ মাজত তীব্ৰ চৰ্চা

    মনোৰঞ্জন
    ৰশ্মিকাই এৰিব বিচাৰিছে নেকি বিজয়ক? সামাজিক মাধ্যমত ৰহস্যধৰ্মী প’ষ্ট, অনুৰাগীৰ মাজত তীব্ৰ চৰ্চা
    ডিজিটেল ডেস্কঃ বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মণ্ডনা। অনুৰাগীৰ অন্যতম প্ৰিয় যুটি। এইবাৰ যুটিটোৰ বিচ্ছেদ হৈছে নেকি? শেহতীয়াকৈ ছ’চিয়েল মিডিয়া পেজত ৰশ্মিকাই কৰা পোষ্টটো দেখি এই দম্পতীহালৰ অনুৰাগীসকলৰো একেই ধাৰণা হৈছে।

    শেহতীয়াকৈ ৰশ্মিকাই নিজৰ ইনষ্টাগ্ৰাম পেজত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত এনএফএলৰ প্ৰাক্তন খেলুৱৈ ট্ৰেণ্ট শ্বেলটনে কয়, “কেতিয়াবা এটা সম্পৰ্ক শেষ নোহোৱালৈকে নতুন সম্পৰ্ক আৰম্ভ নহয়। কেতিয়াবা কোনো যোগ্য ব্যক্তিক জীৱনলৈ আনিবলৈ অযোগ্যক এৰি দিবলগীয়া হয়। কঠিন পথেৰে খোজ কাঢ়িলেই এটা সুন্দৰ গন্তব্যস্থান পাব পাৰি। ধুমুহাৰ সময়ত থিয় হৈ থকাটো কঠিন, কিন্তু ধুমুহা বন্ধ হ'লেই গম পাব পাৰি যে ধুমুহা আঁতৰি যোৱাটো কিমান প্ৰয়োজন আছিল। মই আপুনি বুজি পোৱাটো বিচাৰো যে আজি আপুনি যি পৰিস্থিতিত আছে সেয়া আপোনাৰ চূড়ান্ত গন্তব্যস্থান নহয়। আপুনি যি কষ্টৰ মাজেৰে পাৰ হৈ যায় — সেইটোৱে কাইলৈ ​​আপোনাক ভাল সময়লৈ লৈ যাব।

    ৰশ্মিকাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল যদিও অভিনেত্ৰীগৰাকীয়ে নিজেই একো যোগ কৰা নাছিল। সেইটোৱে অনুৰাগীৰ কৌতুহল বৃদ্ধি কৰিছে। কিন্তু ৰশ্মিকাই এই কথাবোৰ পৰোক্ষভাৱে বিজয়ক উদ্দেশ্যিয়েই ক’ব বিচাৰেছে নেকি? এতিয়া ইয়াৰ ওপৰত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।