ডিজিটেল ডেস্কঃ আৰম্ভ হৈছে কাউণ্টডাউন। মাত্ৰ কেইঘণ্টামানৰ অপেক্ষা। ইতিমধ্যে উত্তেজনা বাঢ়িছে। ৯৫ সংখ্যক অস্কাৰ বঁটা প্ৰদান অনুষ্ঠিত হ’ব ১৩ মাৰ্চ তাৰিখে।
এইবাৰৰ অস্কাৰত এটা ডাঙৰ পৰিৱৰ্তন কৰা হৈছে। অস্কাৰৰ কাৰ্পেটৰ ৰং সলনি হৈছে। ৰঙা নহয়, তাৰকাসকলে এই বছৰ চেম্পেইন ৰঙৰ কাৰ্পেটত খোজ কাঢ়িব। অৰ্থাৎ ৰঙাৰ সলনি এইবাৰ অস্কাৰৰ ৰেড কাৰ্পেটৰ ৰং পাতল হালধীয়া হ’বলৈ গৈ আছে। এইবাৰৰ আয়োজক জিমি কিমেলে একাডেমী বঁটাৰ প্ৰাকক্ষণত কাৰ্পেটৰ ৰং সলনি কৰাৰ কথা ঘোষণা কৰে।
সাধাৰণতে যিকোনো বঁটা প্ৰদান অনুষ্ঠানত ৰেড কাৰ্পেট ব্যৱহাৰ কৰা হয়। অস্কাৰতো ছয় দশকৰো অধিক সময় ধৰি চলি আহিছে এই প্ৰথা। বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে ৰেড কাৰ্পেটত খোজকাঢ়ে তাৰকাসকল। সাধাৰণ দৰ্শক ৰেড কাৰ্পেটত তাৰকাসকলে খোজকঢ়াৰ দৃশ্যত অভ্যস্ত।
কিন্তু এইবাৰ অস্কাৰ বঁটা প্ৰদানৰ স্থান ডলবি থিয়েটাৰ এলেকাত চেম্পিয়ন ৰঙৰ কাৰ্পেটেৰে সজাই তোলা হৈছে। কিন্তু ৬২ বছৰত এই পৰিৱৰ্তনৰ কাৰণ কি?
ইণ্টেৰিয়ৰৰ দায়িত্বত থকা শিল্পীসকলৰ মতে, প্ৰায় দুপৰীয়া-বিয়লিৰ পৰাই কাৰ্পেটত তাৰকাসকল আহিবলৈ আৰম্ভ কৰে। সোণালী ৰঙৰ কাৰ্পেট জৰিয়তে কৰ্তৃপক্ষই ৰ’দক বুজাব পাৰিছে। সোণালী কাৰ্পেটৰ জৰিয়তে ছবি জগতখনৰ "গোল্ডেন আৱাৰ"ৰ ধাৰণাক উজ্জ্বল কৰি তুলিব বিচৰা হৈছে৷
ইয়াৰ উপৰিও শেহতীয়াকৈ ৰেড কাৰ্পেটৰ ঠাইত কেইবাখনো ছবিৰ প্ৰিমিয়াৰৰ পৰা আৰম্ভ কৰি বঁটা প্ৰদান অনুষ্ঠানলৈকে অন্যান্য ৰঙীন কাৰ্পেটে ঠাই লোৱা দেখা গৈছে৷ উদাহৰণস্বৰূপে মেট গালাত গোলাপী কাৰ্পেট, ডিজনীত নীলা কাৰ্পেট, ‘ব্লেক পেন্থাৰ: ৱাকাণ্ডা ফৰ এভাৰ’ৰ প্ৰিমিয়াৰত বেঙুনীয়া কাৰ্পেট ব্যৱহাৰ কৰা হৈছিল।
Leave A Comment