comScore
  • ব্যক্তিগত সহকাৰীৰ স’তে সঁচাকৈয়ে সম্পৰ্ক আছে নেকি ৰেখাৰ? অশেষ চৰ্চাৰ মাজতে মুখ খুলিলে নায়িকাৰ জীৱনী লেখকে

    মনোৰঞ্জন
    ব্যক্তিগত সহকাৰীৰ স’তে সঁচাকৈয়ে সম্পৰ্ক আছে নেকি ৰেখাৰ? অশেষ চৰ্চাৰ মাজতে মুখ খুলিলে নায়িকাৰ জীৱনী লেখকে
    ডিজিটেল ডেস্কঃ তেওঁৰ বয়স প্ৰায় ৭০ বছৰ। এতিয়াও ‘চিৰসেউজ’ অভিনেত্ৰী ৰেখা।  শেহতীয়াকৈ খবৰ আহিছিল যে অভিনেত্ৰীগৰাকীৰ ব্যক্তিগত সহকাৰী ফাৰ্জানাৰ সৈতে তেওঁৰ ‘সম্পৰ্ক’ আছে। তেওঁৰ লগত একেলগে বাস কৰে! এই খবৰ পোহৰলৈ অহাৰ লগে লগে আৰম্ভ হ’ল জল্পনা-কল্পনা। 

    ৰেখাৰ জীৱনৰ আধাৰত লিখা ‘ৰেখাঃ দ্য আনটল্ড ষ্টৰী’ নামৰ গ্ৰন্থখন লিখিছে সাহিত্যিক ইয়াছেৰ উছমানে। ৰেখাৰ এই জীৱনী ২০১৬ চনত প্ৰকাশ পাইছিল। সেই গ্ৰন্থখনত লেখিকাই দাবী কৰিছে যে ৰেখাৰ ব্যক্তিগত সহায়িকা ফৰ্জনাৰ সৈতে বহু বছৰ ধৰি সম্পৰ্ক আছে। প্ৰায় তিনি দশক ধৰি ৰেখাৰ ছাঁয়া সংগী হৈ আছে ফাৰ্জানাই। যদিও অভিনেত্ৰীগৰাকীয়ে সদায় ফাৰ্জানাক নিজৰ ভগ্নী বুলি দাবী কৰি আহিছে। ৰেখাৰ শোৱা কোঠাত ফৰ্জনাৰ বাহিৰে আন কাকো সোমাব দিয়া নহয় বুলি গ্ৰন্থখনত দাবী কৰা হৈছে। ফৰ্জানাৰ অনুমতি অবিহনে ৰেখাৰ কাষৰীয়া অঞ্চলত কোনেও প্ৰৱেশ কৰিব নোৱাৰে বুলিও লেখকে দাবী কৰিছে। আনকি ফাৰ্জানাই অভিনেত্ৰীগৰাকীৰ পেছাদাৰী জীৱনৰ প্ৰতিটো সিদ্ধান্ত ফাৰ্জানাৰ পৰাই লয়। য়াছেৰ উছমানে তেওঁৰ জীৱনীত দাবী কৰিছে যে ৰেখাই বিগত কেইটামান দশক ধৰি ব্যক্তিগত সহায়কৰ সৈতে সম্পৰ্কত আছে।

    লেখকৰ এই দাবীক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হয়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ য়াছেৰে নিজেই মুখ মেলিছে। ছ’চিয়েল মিডিয়া পেজত এটা পোষ্টত উছমানে লিখিছে, “মোৰ ‘ৰেখাঃ দ্যা আনটল্ড ষ্ট’ৰী’ নামৰ কিতাপখনৰ পৰা ব্যৱহাৰ হোৱা বুলি উল্লেখ কৰা উক্তিবোৰ সম্পূৰ্ণ মিছা। প্ৰচাৰ বৃদ্ধিৰ বাবে এই পন্থা গ্ৰহণ কৰা হৈছে।’’

    ইয়াৰ লগতে অভিনেত্ৰীগৰাকীৰ জীৱনীকাৰে লিখিছে, "শপত খাব পাৰো, মোৰ কিতাপখনত এনে কথাৰ কোনো উল্লেখ নাই। পাণ্ডুলিপিখনত 'সহবাস' বা 'যৌন সম্পৰ্ক'ৰ দৰে বাক্যাংশৰ কথাও উল্লেখ কৰা নাছিলো।''
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388