ডিজিটেল ডেস্কঃ ১৯৯৫ চনত মুক্তি লাভ কৰিছিল ডিলৱালে দুলহানিয়া লে জায়েংগে। ভাৰতীয় বাণিজ্যিক ছবিৰ জগতখনত এই ছবিখনক বহুতে বিশেষ গুৰুত্ব দিয়ে। ছবিখনে শ্বাহৰুখ-কাজলৰ কেৰিয়াৰত এক নতুন সম্ভাৱনা কঢ়িয়াই আনিলে। এই ছবিখনে বলীউডৰ ছবিত প্ৰেমৰ সংজ্ঞা সলনি কৰি দিলে।
আদিত্য চোপ্ৰাই পৰিচালনা কৰা ‘ডি ডি এল জে’ৰ ২৮ বছৰৰ পাছতো আকৰ্ষণ একেই আছে। বিশেষকৈ নায়ক শ্বাহৰুখে নায়িকা কাজলক কান্ধত তুলি লোৱাৰ দৃশ্যটো দৰ্শকৰ চকুৰ সমুখত।
কিন্তু এই দৃশ্যটোৰ শ্বুটিংৰ সময়ত কাজলক কান্ধত তুলি লোৱাৰ সময়ত এক বিশেষ কাণ্ড সংঘটিত হৈছিল। শেহতীয়াকৈ খুলি ভাঙি ক’লে নায়িকাগৰাকীয়ে।
দৃশ্যটোৰ শ্বুটিঙৰ সময়ত প্ৰথমতে শ্বাহৰুখে ভাবিছিল যে কাজোল সহজেই কান্ধত উঠিব। চিত্ৰগ্ৰহণ হৈ গ’ল, কিন্তু পিছত শ্বাহৰুখৰ গোটেই কান্ধটো ‘লক’ হৈ গ’ল। যদিও কাজলে তাক সেই কথা আগতেই সকীয়াই দিছিল।
অভিনেত্ৰীগৰাকীৰ ভাষাত, "মই সুধিছিলো যে পাৰিবানে? সি কৈছিল যে হয়, পাৰিম। চিন্তা নকৰিবা, মোৰো কম শক্তি নাই। পিছত কান্ধ লক হৈ যায়। বেচেৰা শ্বাহৰুখ!”
Leave A Comment