comScore
  • ইখনৰ পাছত সিখনকৈ ফ্লপ মাৰিছে বলিউডৰ ছৱিয়ে! কিন্তু কিয়? এই বিষয়ে মুখ খুলিলে ‘বাহুবলী’ৰ পৰিচালক ৰাজামৌলীয়ে, কি ক’লে তেওঁ?

    মনোৰঞ্জন
    ইখনৰ পাছত সিখনকৈ ফ্লপ মাৰিছে বলিউডৰ ছৱিয়ে! কিন্তু কিয়? এই বিষয়ে মুখ খুলিলে ‘বাহুবলী’ৰ পৰিচালক ৰাজামৌলীয়ে, কি ক’লে তেওঁ?
    ডিজিটেল ডেস্কঃ চলিত বৰ্ষত দক্ষিণ ভাৰতৰ ছৱিসমূহে বক্স অফিচত তোলপাৰ লগাই আছে। কিন্তু তাৰ বিপৰীতে এখনৰ পাছত এখনকৈ বলিউডৰ ছৱিয়ে মাধমাৰ খাইছে। কিয়? এই বিষয়ে মুখ খুলিছে দক্ষিণ ভাৰতৰ চিনেমা পৰিচালক এছএছ ৰাজমৌলীয়ে।

    বাহুবলী, ‘আৰআৰআৰ’ৰ যোগেৰে তুমূল জনপ্ৰিয়তা আৰু প্ৰশংসিত হোৱা ৰাজামৌলীয়ে কয় যে দৰ্শকৰ পচন্দ অনুযায়ী ছৱি নিৰ্মাণ কৰিলে চিনেমা সফল হ’বই। বলিউডৰ ছৱিসমূহ ব্যৰ্থ হোৱাৰ কাৰণ হিচাপে তেওঁ অনুভৱ কৰে যে অভিনেতা আৰু পৰিচালকসকলৰ আকাশচুম্বী পৰিশ্ৰমিকৰ ফলত এইসমূহ ঘটিছে।

    “হিন্দী ছৱিত কৰ্প’ৰেট সংস্থাৰ আগমণৰ ফলত অভিনেতা, পৰিচালকৰ পৰা আৰম্ভ কৰি প্ৰত্যেককে বেছি পৰিশ্ৰমিক দিবলৈ আৰম্ভ কৰিছে। ফলত সফলতা কমি গৈছে। মনত ৰখা ভাল যে বেছি সময় সাঁতুৰিব নাজানিলে পানীত ডুবি যোৱাৰ সম্ভাৱনা থাকে।”- ৰাজামৌলীয়ে কয়।

    উল্লেখ্য যে শেহতীয়াকৈ ৰাজামৌলী পৰিচালিত ‘আৰআৰআৰ’-এ গোল্ডেন গ্ল’ব বঁটাৰ দুটি বিভাগৰ বাবে মনোনিত হৈছে। ছৱিখনৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত উচ্চ প্ৰশংসিত হৈছে ৰাজামৌলী। কিন্তু নিজৰ ছৱিয়ে সফলতা লাভ কৰিলেও আত্মতুষ্টিত ভোগাৰ কাৰণ নাই বুলি অনুভৱ ব্যক্ত কৰে তেওঁ। 

    “মোৰ ছৱিয়ে ভাল ব্যৱসায় কৰিছে বুলিয়ে আত্মতুষ্টিত ভোগাৰ কোনো কাৰণ নাই। সেয়া হ’লে সফলতাৰ প্ৰতি থকা ক্ষুধা কমি যায়। পৰিস্থিতিয়ে অন্যদিশে বাট লয়।”- ৰাজামৌলীয়ে কয়।