ডিজিটেল ডেস্কঃ হিন্দী চিনেমাৰ জগতত সঞ্জয় দত্ত ইতিমধ্যেই কিংম্বদন্তিৰ শাৰীত উপনীত হৈছে। চিনেমাৰ পৰ্দাৰ উপৰিও ব্যক্তিগত জীৱনো ৰোমাঞ্চকৰ সঞ্জু বাবাৰ। কোটি কোটি অনুৰাগী আছে অভিনেতাজনৰ। এনেধৰণৰ এগৰাকী অনুৰাগীৰ কথাই ইয়াত ক’বলৈ লোৱা হৈছে।
এদিন আৰক্ষীয়ে সঞ্জয় দত্তক ফোন কৰে। আৰক্ষীয়ে জনালে যে এগৰাকী মহিলাই তেওঁ মৃত্যুৰ পূৰ্বে ইচ্ছাপত্ৰত সঞ্জয়ৰ নাম লিখিছে। মহিলাগৰাকীৰ নাম নিশা পাটিল। হতবাক হৈ পৰিল সঞ্জুবাবা। নিশা পাটিল নামৰ কোনো মহিলাক তেওঁ চিনি নাপায়, অথচ কি বুলি ইচ্ছাপত্ৰত তেওঁৰ নাম সাঙোৰ খাইছে!
আৰক্ষীয়ে জনায় যে মহিলাগৰাকীয়ে তেওঁৰ জীৱনৰ সমস্ত সঞ্চয় অভিনেতাজনৰ নামত উইল কৰি থৈ গৈছে। এই সঞ্চয়ৰ পৰিমাণো কম নহয়। মুঠ ৭২ কোটি টকাৰ সম্পত্তিৰ উল্লেখ ইচ্ছাপত্ৰখনত আছে।
নিশা পাটিল সঞ্জয়ৰ অনুৰাগী। তেওঁ ৬২ বছৰ বয়সত এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। মৃত্যুৰ আগতে তেওঁ এটা ইচ্ছাপত্ৰ প্ৰস্তুত কৰিছিল আৰু প্ৰিয় তাৰকাজনকে সকলো সম্পত্তি দিছিল। তেওঁ আনকি বেংকৰ লকাৰত ৰখা গহনাবোৰো সঞ্জয়ক হস্তান্তৰ কৰি দিবলৈ কৈ গৈছিল।
সঞ্জয়ে জানিব পাৰিছিল যে নিশাৰ পৰিয়ালৰ কোনেও এই ইচ্ছাৰ বিষয়ে নাজানে। পাছত তেওঁ সকলো সম্পত্তি পৰিয়ালৰ সদস্যসকলক হস্তান্তৰ কৰিছিল।
সঁচাকৈয়ে, সঞ্জু বাবাৰ জীৱন অনন্য। মানুহৰ পৰা এনেকুৱা ভালপোৱা লাভ কৰাৰ বাবেই হয়তো সঞ্জু বাবা এগৰাকী কিংম্বদন্তি।
Leave A Comment