comScore
  • সংবাদ মাধ্যমৰ প্ৰতি কৃতজ্ঞ বলিউডৰ বাদশ্বাহ! 'পাঠান’ৰ অভূতপূৰ্ব সফলতাৰ পাছতে সংবাদ মাধ্যমক ধন্যবাদ জনালে শ্বাহৰুখ খানে

    মনোৰঞ্জন
    সংবাদ মাধ্যমৰ প্ৰতি কৃতজ্ঞ বলিউডৰ বাদশ্বাহ! 'পাঠান’ৰ অভূতপূৰ্ব সফলতাৰ পাছতে সংবাদ মাধ্যমক ধন্যবাদ জনালে শ্বাহৰুখ খানে
    ডিজিটেল ডেস্কঃ মুক্তিৰ পঞ্চম দিনটোতো ‘পাঠান’-এ বক্স অফিচত ধুমুহাৰ সৃষ্টি তুলিলে। সোমবাৰে শ্বাহৰুখ খানে ছবিখনৰ কলা-কুশলীসকলৰ সৈতে সংবাদ মাধ্যমৰ মুখামুখি হয়। দীপিকা পাডুকন, জন আব্ৰাহাম, পৰিচালক সিদ্ধাৰ্থ আনন্দও তাত উপস্থিত থাকে।

    ছবিখন মুক্তি পোৱাৰ পূৰ্বে কেইবাটাও বিতৰ্কৰ মাজত সোমাই পৰিছিল ‘পাঠান’। ইয়াৰ পিছতো সুস্থ পৰিৱেশত মুক্তি পালে ছবিখন।সেইবাবেই বলীউডৰ ‘বাদশ্বাহ’গৰাকীয়ে সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰে।

    মুক্তিৰ পিছৰে পৰা পাঠানে কেইবাটাও অভিলেখ ভংগ কৰিছে। পঞ্চম দিনা ছবিখনে সমগ্ৰ বিশ্বতে ৫০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। ১০০খন দেশৰ ৮০০০ পৰ্দাত প্ৰদৰ্শিত হৈছে ‘পাঠান’। ইয়াৰ ভিতৰত ভাৰতত ৫০০০ৰো অধিক থিয়েটাৰ আছে। হিন্দী ছবি প্ৰদৰ্শনৰ ক্ষেত্ৰত এয়াই প্ৰথম। কেৱল আমেৰিকাৰেই ৬৯৪খন ছবিগৃহত মুক্তি লাভ কৰিছিল পাঠান।

    আমেৰিকাত এই ছবিখন অবাধে চলি আছে। মুক্তিৰ দিনাই প্ৰথমে কোটি কোটি টকা উপাৰ্জন কৰিছিল ছৱিখনে। আমেৰিকাত ইমান উপাৰ্জন কৰা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হ’ল শ্বাহৰুখৰ ছৱিখন।

    গড় আয়ৰ ক্ষেত্ৰতো শ্বাহৰুখে হলিউডক পৰাস্ত কৰিছে। পাঁচ দিনৰ অন্তত ছবিখনে ঘৰুৱাভাৱে ২৫০ কোটি টকা উপাৰ্জন কৰে ভাৰতৰ বজাৰত মাত্ৰ পাঁচ দিনৰ ভিতৰতে ২৫০ কোটিৰ সীমা অতিক্ৰম কৰা প্ৰথমখন ছবি হিচাপে পৰিগণিত হৈছে ছৱিখন।