comScore
  • ‘ফৌজী’ৰ পৰা ‘পাঠান’লৈকে! ‘দেৱদাস’, ‘পহেলী’, ‘স্বদেশ’ৰ দৰে চিনেমাসমূহেৰে কিদৰে বলিউডৰ বাদশ্বাহ হৈছিল শ্বাহৰুখ খান, চাওঁ আহক!

    মনোৰঞ্জন
    ‘ফৌজী’ৰ পৰা ‘পাঠান’লৈকে! ‘দেৱদাস’, ‘পহেলী’, ‘স্বদেশ’ৰ দৰে চিনেমাসমূহেৰে কিদৰে বলিউডৰ বাদশ্বাহ হৈছিল শ্বাহৰুখ খান, চাওঁ আহক!
    ডিজিটেল ডেস্কঃ ৪ বছৰৰ পিছত শ্বাহৰুখ খানে ধুমুহাৰ সৃষ্টি কৰিছে৷ যোৱা কেইবছৰ ধৰি বলিউডত বহুতো ছৱি মুক্তি হৈ আহিছিল, কিন্তু সেইসমূহত নাছিল বলিউডৰ বাদশ্বাহ৷ দেশৰ পৰিস্থিতিক লৈ নিজৰ বক্তব্যৰ বাবেও চৰ্চাত আছিল শ্বাহৰুখ খান৷ শাসকীয় পক্ষই বাৰম্বাৰ আক্ৰমণৰ লক্ষ্য কৰি আহিছে তেওঁক৷ কিন্তু ‘পাঠান’-এ মুক্তিল লাভ কৰাৰ লগে লগেই যেন এইসমূহৰ অন্ত পৰিল! দেশজুৰি পুনৰ আৰম্ভ হৈছে শ্বাহৰুখ বন্দনা৷

    তিনি দশক আগতে শ্বাহৰুখে টেলিভিচনৰ পৰ্দাত এখন ধাৰাবাহিকত অভিনয় কৰিছিল। ধাৰাবাহিকখনৰ নাম আছিল- ‘ফৌজী’৷ ১৯৮৯ চনত শ্বাহৰুখে আন ধাৰাবাহিকত অভিনয় কৰে৷ 'চাৰ্কাছ’ নামৰ এই ধাৰাবাহিকখনত কৰা অভিনয়ে দৰ্শকৰ প্ৰশংসালাভ কৰে। তেতিয়াই শ্বাহৰুখ খানে নিজৰ অভিনয় যাত্ৰাৰ বিষয়ে দৰ্শকসকলক যেন উমান দিছিল৷

    ১৯৯১ চনত শ্বাহৰুখে সিদ্ধান্ত লয় যে তেওঁ আৰু ধাৰাবাহিকখনত অভিনয় নকৰে। তেওঁ ডাঙৰ পৰ্দাত অভিনয় কৰিব। শ্বাহৰুখৰ বলিউডৰ যাত্ৰা আৰম্ভ হয়। বিভিন্ন স্থানত অডিচন দিয়াৰ পিছত তেওঁ ৪ খন চলচ্চিত্ৰত স্বাক্ষৰ কৰে৷ প্ৰথমখন ছবি আছিল ঋষি কাপুৰ আৰু দিব্যা ভাৰতীৰ সৈতে কৰা ‘দিৱানা’। ১৯৯২ চনত মুক্তি পোৱা 'দিৱানা'য়ে বক্স অফিচত সফল হয়৷

    প্ৰথমখন চলচ্চিত্ৰত অভিনয় কৰাৰ পিছত শ্বাহৰুখে  'ৰাজু বান গয়া জেন্টলমেন', 'চমত্কাৰ’, ‘বাজিগৰ' আৰু 'ডৰ'ৰ দৰে ছৱিসমূহত অভিনয় কৰে৷ ১৯৯৫ চনত শ্বাহৰুখে চলমান খানৰ সৈতে 'কৰণ অৰ্জুন' নামৰ ছৱিখনত কাম কৰিছিল।

    তাৰপাছতে আহে 'দিলৱালে দুলহানিয়া লে জায়েঙ্গে' ছৱিখনত৷ ছৱিখন বলিউডৰ অন্যতম সফল ছৱি হিচাপে পৰিগণিত হৈ আহিছে৷ ছৱিখনত শ্বাহৰুখ আৰু কাজলৰ অভিনয়ৰ কথা এতিয়াও অনুৰাগীসকলে সোঁৱৰণ কৰে৷

    ১৯৯৭ চনত শ্বাহৰুখে 'পৰদেশ' বোলছবিত পৰিচালক সুভাষ ঘাইৰ সৈতে কাম কৰে৷ 'দিলৱালে দুলহানিয়া লে জায়েঙ্গে'ৰ পিছত শ্বাহৰুখে 'দিল তো পাগল হে' চিনেমাখনত অভিনয় কৰি প্ৰমাণ কৰে যে তেওঁ বলিউডৰ ৰোমাঞ্চ ধাৰাটোৰ ৰজা হ’বলৈ গৈ আছে। ‘দিল তো পাগল হ্যে’ত মাধুৰী দীক্ষিত আৰু কৰিশ্মা কাপুৰৰ সৈতে শ্বাহৰুখ খানে নৃত্যও প্ৰদৰ্শন কৰে৷

    ইয়াৰ পাছতে মুক্তি লাভ কৰে ‘ডুপ্লিকেট’, 'দিল চে' আদি চিনেমাসমূহে৷ ‘দিল চে’ চিনেমাখনৰ ‘চল চেঁয়া’ গানটোত ট্ৰেইনত কৰা নৃত্যৰ দৃশ্যটো আইকনিক হৈ আহিছে৷ ত্ৰিভুজাকাৰ প্ৰেমৰ সম্পৰ্কৰ সৈতে 'কুছ কুছ হোতা হে' বোলছবিখন এতিয়াও শ্বাহৰুখৰ অনুৰাগীসকলৰ প্ৰিয়।

    'কুছ কুছ হোতা হে'তো তেওঁক ৰোমাঞ্চ ধাৰাৰ ৰজা হিচাপে দেখা যায়৷ ৰাণী মূখাৰ্জী আৰু কাজলৰ স’তে অভিনয় কৰা ছৱিখন এতিয়াও শ্বাহৰুখৰ অনুৰাগীসকলৰ প্ৰিয়।

    ১৯৯৯ চনত মুক্তি পোৱা 'বাদশ্বাহ' ছৱিখন বক্স অফিচত হিট হোৱা নাছিল৷ ছৱি হিট নহ’লেও ছবিখনত ক'লা চশমা পিন্ধা শ্বাহৰুখৰ চেহেৰাটো জনপ্ৰিয় হৈছিল৷ তাৰপাছত মুক্তি লাভ কৰে 'মহব্বতে'৷ ছৱিখনত শ্বাহৰুখে 'সংগীত শিক্ষক' হিচাপে অভিনয় কৰে৷

    ২০০১ চনত মুক্তি প্ৰাপ্ত 'অশোক' চলচ্চিত্ৰখনত শ্বাহৰুখ সম্ৰাট অশোকৰ চেহেৰাত শক্তিশালী ভাৱে অৱতীৰ্ণ হৈছিল৷ ‘কভি খুশী কভি গম' ২০০১ চনত মুক্তি পাইছিল। অমিতাভ বচ্চন, জয়া বচ্চন, কাজল, কৰীণা কাপুৰ, হৃত্বিক ৰোশনৰ দৰে তাৰকাসকলে এই ছবিখনত অভিনয় কৰিছিল।

    সঞ্জয় লীলা ভাঞ্চালীৰ দ্বাৰা পৰিচালিত 'দেৱদাস'ৰ দ্বাৰা শ্বাহৰুখে ক্লাছিক হিৰ’ৰ মৰ্যাদা লাভ কৰে। উপন্যাসখনৰ পৃষ্ঠাৰ পৰা শ্বাহৰুখে ডাঙৰ পৰ্দাত 'দেৱ'ৰ চৰিত্ৰটো নিখুঁতভাৱে চিত্ৰিত কৰিছিল।

    'দেৱদাস'ৰ মুক্তিৰ পিছত ‘মে হুঁ না’, ‘হে ৰাম’কে ধৰি শ্বাহৰুখক বহুতো চলচ্চিত্ৰত দেখা গৈছিল, কিন্তু 'বীৰ জাৰা'ত প্ৰীতি জিণ্টাৰ স’তে কৰা অভিনয়ে সকলোৰে মন মুহিছিল৷ ২০০৫ চনত অমল পালেকাৰৰ নিৰ্দেশনাত 'পহেলী' মুক্তি দিয়া হৈছিল। এই ছবিখনত শ্বাহৰুখক গোঁফ আৰু পাগুৰি পিন্ধি বিশেষ চৰিত্ৰত অৱতীৰ্ণ হৈছিল৷

    ২০০৬ চনত মুক্তি লাভ কৰে ‘ডন-২’ৱে৷ অমিতাভ বচ্চনৰ পিছত পৰিচালক ফাৰহান আখটাৰে শ্বাহৰুখক 'ডন' হিচাপে সঠিক বাছনি কৰিছিল।

    আদিত্য চোপ্ৰাৰ প্ৰযোজনাত ২০০৭ চনত 'চক দে ইণ্ডিয়া'ই মুক্তি লাভ কৰিছিল। ভাৰতৰ মহিলা হকী দলৰ মুখ্য প্ৰশিক্ষক কবীৰ খানৰ চৰিত্ৰত শ্বাহৰুখৰ প্ৰদৰ্শন আছিল চমৎকাৰ। একে বছৰতে ফাৰাহ খানৰ পৰিচালনাত 'ওম শান্তি ওম' বোলছবিখন মুক্তি দিয়া হয়। দীপিকা পাডুকোনে এই ছবিখনৰ যোগেদি ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰিছিল৷ শ্বাহৰুখৰ 'ডাৰ্ড-ই-ডিস্কো' গানটোত তেওঁৰ চিক্স-পেক লুক অত্যন্ত জনপ্ৰিয় হৈছিল৷

    ২০০৮ চনত আদিত্য চোপ্ৰাৰ পৰিচালিত 'ৰব নে বানা দি জোড়ী'ত শ্বাহৰুখৰ বিপৰীতে অনুষ্কা শৰ্মাক দেখা গৈছিল। ২০১০ চনত কৰণ জোহৰৰ পৰিচালিত 'মাই নেম ইজ খান'ত শ্বাহৰুখৰ অভিনয়ত দৰ্শকসকল অভিভূত হৈছিল। স্ক্ৰিপ্টখনো হৃদয়স্পৰ্শী আছিল।

    অনুভৱ সিনহাৰ দ্বাৰা পৰিচালিত 'ৰা.ৱান' ২০১১ চনত মুক্তি লাভ কৰিছিল। এই চলচ্চিত্ৰখনত শ্বাহৰুখে ভিডিঅ' গেমৰ চুপাৰ হিৰোৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পাছত 'জব তক হে জান'ত শ্বাহৰুখে দূৰ্দান্ত অভিনয় কৰে৷

    ইয়াৰ পাছত শ্বাহৰুখে 'হেপ্পী নিউ ইয়েৰ', 'চেন্নাই এক্সপ্ৰেছ', 'দিলৱালে'ৰ দৰে বাণিজ্যিক চলচ্চিত্ৰত অভিনয় কৰে। ২০১৬ চনৰ ছবি 'ফেন'ত দ্বৈত চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল তেওঁক।

    গৌৰী চিন্দেৰ দ্বাৰা পৰিচালিত 'ডিয়াৰ জিন্দেগী' ২০১৬ চনত মুক্তি লাভ কৰিছিল। এজন মনোবিজ্ঞানী হিচাপে শ্বাহৰুখৰ প্ৰদৰ্শন আৰু তেওঁৰ সংলাপসমূহে দৰ্শকৰ অন্তৰ জয় কৰিছিল৷ 'ডিয়াৰ জিন্দেগী'ৰ মুক্তিৰ এবছৰ পিছত 'ৰইছ' মুক্তি দিয়া হৈছিল। এই ছবিখনত শ্বাহৰুখৰ চেহেৰাটোৱে চৰ্চা লাভ কৰিছিল৷

    শ্বাহৰুখক আনন্দ এল ৰায়ৰ দ্বাৰা পৰিচালিত 'জিৰো'ত এজন বাওঁনা লোকৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। ছবিখনত শ্বাহৰুখৰ সৈতে অনুষ্কা শৰ্মা আৰু কেটৰিনা কাইফে অভিনয় কৰিছিল। চলমান খানে এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল।

    ইয়াৰ মাজতে শ্বাহৰুখে কিছুদিন বিৰতি লৈছিল। অৱশ্যে তেওঁ 'ব্ৰহ্মাস্ত্ৰ'ৰ প্ৰথম খণ্ডত এটা কেমিঅ' চৰিত্ৰত অভিনয় কৰিছিল। এতিয়া চাৰি বছৰৰ ব্যৱধানৰ পিছত পৰ্দালৈ উভতি আহিছে কিং খান। দেশ জোকাৰি গৈছে তেওঁৰ ছৱি ‘পাঠান’-এ৷