ডিজিটেল ডেস্কঃ স্পেইনৰ প্ৰাক্তন ফুটবল খেলুৱৈ পিকে আৰু শ্বাকিৰাৰ যোৱা বছৰ বিবাহ বিচ্ছেদ হৈছিল। কলম্বিয়ান পপষ্টাৰগৰাকীয়ে যোৱা বছৰ এটা বিবৃতিত পিকেৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল। তেওঁ কৈছিল যে পিকে আন এগৰাকী মহিলাৰ সৈতে সম্পৰ্কত জড়িত হৈ পৰিছে।
পিছত জানিব পৰা গৈছিল যে স্পেনিছ চেণ্টাৰবেক পিকেই ক্লাৰা চিয়া মাৰ্টি নামৰ এগৰাকী টেলিভিছন প্ৰেজেণ্টাৰৰ সৈতে সম্পৰ্ক ৰাখি আহিছে। তাৰ পিছতে শ্বাকিৰাই এইবাৰ নতুন গান এটা তেওঁৰ প্ৰাক্তন স্বামী পিকেক সমালোচনা কৰিছে।
গানটো নতুন বছৰতে মুক্তি লাভ কৰিছে। গানটোত বিভিন্ন শব্দ আছে, যিসমূহ পিকেক লক্ষ্য কৰিয়েই লিখা হৈছে বুলি ভবা হৈছে। গানটোত এইদৰে আছে- "যিজন ব্যক্তিয়ে কম খৰচী গাড়ী ক্ৰয় কৰাৰহে ক্ষমতা আছে, তেওঁ এখন বিলাসী গাড়ী কিনিবলৈ আহিছে!" আন এটা শাৰীত কোৱা হৈছে- "কমদামী ঘড়ী পিন্ধাৰেই ক্ষমতা নাই, তেওঁ এটা দামী ঘড়ী কিনিবলৈ গৈছিল!"
বিবাহ বিচ্ছেদৰ পিছত শ্বাকিৰাই এখন বাতৰি কাকতক কৈছিল যে সম্পৰ্কটো জীয়াই ৰাখিবলৈ পিকেয়ে যিসমূহ কৰিব লাগিব সেয়া কৰা নাছিল। তেওঁ কয়- "তেওঁ ফুটবল খেলত মন দিব বিচাৰিছিল আৰু মই তেওঁৰ কাষত থিয় দিয়াৰ প্ৰয়োজন আছিল। কোনোবাই নিজকে ত্যাগ কৰিব লগা হৈছিল। মই সেইটো কৰিছিলো। মই মোৰ কেৰিয়াৰটো পিছলৈ ঠেলি দিছিলো আৰু স্পেইনলৈ আহিছিলো। তেওঁৰ কাষত থিয় হৈছিলোঁ যাতে তেওঁ ভাল ফুটবল খেলিব পাৰে আৰু ট্ৰফী জিকিব পাৰে। মই প্ৰেমৰ বাবে এই ত্যাগ কৰিছিলো। তেওঁ ইয়াৰ মূল্য পৰিশোধ কৰা নাছিল।"
শ্বাকিৰাৰ গানৰ ভিডিঅ'টো ইতিমধ্যে বহুত জনপ্ৰিয় হৈ পৰিছে। দুই মিলিয়নতকৈও অধিক লোকে ইয়াক ইউটিউবত চাইছে। অৱশ্যে, পিকে-ৰ পৰা কোনো তাৎক্ষণিক মন্তব্য পোৱা হোৱা নাই।
Leave A Comment