ডিজিটেল ডেস্কঃ শ্বাকিৰাৰ সৈতে ব্ৰেকআপ কৰাৰ পিছতে স্পেনিছ ফুটবল তাৰকা জেৰাৰ্ড পিকেই ক্লাৰা চিয়া মাৰ্টি নামৰ সুন্দৰী এগৰাকীৰ প্ৰতি প্ৰেমৰ কথা ঘোষণা কৰিছিল। স্পেইনৰ প্ৰাক্তন ফুটবল খেলুৱৈগৰাকীৰ প্ৰেমিকা হৈও ক্লাৰা ঘৰৰ বাহিৰ উলোৱা হয়। ঘৰতে বহি অফিচৰ কাম কৰি আছে ক্লাৰাই। কিন্তু কিয় ঘৰৰ পৰা উলোৱা নাই ক্লাৰা?
জানিব পৰা মতে, ক্লাৰাই নিজৰ ঘৰতে লুকাই আছে৷ ইয়াৰ কাৰণ হৈছে তাই শ্বাকিৰাক ভয় কৰে৷ স্পেইনৰ সাংবাদিক লৰেনা ভাস্কেজে এই কথা কৈছে। তেওঁ এটা প্ৰতিবেদনত লিখিছে, ক্লাৰাই ৰাজপথলৈ ওলাই গ’লে শ্বাকিৰা-অনুৰাগীৰ ক্ৰোধৰ সন্মুখীন হয়। বহুত অপমান শুনিব লগা হয়। সেইবাবেই ক্লাৰা ঘৰৰ বাহিৰলৈ নাযায়। পিতৃ-মাতৃৰ সৈতে ঘৰতে থাকে। তাৰ পৰাই তেওঁ অফিচৰ কাম চম্ভালি আছে। ২৩ বছৰীয়া ক্লাৰাই ঘৰৰ বাহিৰৰ কাৰো লগত কথাও নাপাতে।
কিছুদিন পূৰ্বে পিকেই নিজৰ ইনষ্টাগ্ৰামত প্ৰেমিকাৰ সৈতে এখন ছবি পোষ্ট কৰিছিল। ইয়াৰ দ্বাৰা বুজাব বিচৰা হৈছিল যে নতুন প্ৰেমিকাক লৈ পিকে সুখী। কিন্তু সকলোবোৰ ইমান সহজ নহয়! স্পেইনৰ ক্ৰীড়া সাংবাদিক জৰ্ডি মাৰ্টিনে কয় যে পিকেই শ্বাকিৰাৰ সৈতে বিচ্ছেদ হোৱাৰ বাবে অনুশোচনা কৰিছে। এমাহৰ পাছতে তেওঁ শ্বাকিৰাৰ ওচৰলৈ ঘূৰি আহিব বিচাৰিছিল। কিন্তু সেই সম্পৰ্কটো পুনৰ আৰম্ভ কৰিব বিচৰা নাছিল ছাকিৰাই। ইয়াৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিল।
মাৰ্টিনে লগতে দাবী কৰে যে পিকেই আগতে বহুবাৰ বহু যুৱতীৰ সৈতে জড়িত আছিল। ছাকিৰাই বহুবাৰ ক্ষমা কৰি দিছিল। কিন্তু ক্লাৰা চিয়া মাৰ্টিৰ সৈতে পিকেৰ সম্পৰ্ক তেওঁ মানি ল’ব পৰা নাছিল।
পিকে-ছাকিৰা বিচ্ছেদৰ পিছৰে পৰা তিক্ততা বাঢ়িছে। এটা নতুন গীতত প্ৰাক্তন স্বামীক সমালোচনা কৰিছে ছাকিৰাই। শ্বাকিৰাৰ গীতটোত কেইবাটাও শাৰী আছে, যিবোৰ পিকেৰ বাবে লিখা বুলি বিশ্বাস কৰে অনুৰাগীসকলে
Leave A Comment