ডিজিটেল ডেস্কঃ ২০০২ চন। ধুনীয়া ছোৱালী এজনীয়ে ৰাতিটোৰ ভিতৰতে তাৰকাৰ শাৰীলৈ উন্নীত হৈছিল। নাম আছিল শ্বেফালী জাৰিৱালা। দেশজুৰি 'কাঁটা লাগা গাৰ্ল’ হিচাপে পৰিচিত হৈ পৰিল শ্বেফালী। গানটোৰ ভিডিঅ’ত উজ্জ্বল পোছাক পিন্ধি নচা দেখা গৈছিল শ্বেফালীক।
শ্বাশ্বতী ফুকনৰ কণ্ঠত গানটো অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল। সকলোৱে শ্বেফালীৰ নাচৰ জ্বলকত মোহিত হৈছিল। কিন্তু কাটা লাগাৰ পাছত পুনৰ দেখা পোৱা নগ’ল শ্বেফালীক। হেৰাই গ’ল নৃত্যশিল্পীগৰাকী। কিন্তু ক’লৈ গ’ল শ্বেফালী? কি কৰি আছে এতিয়া কাটা লাগা গাৰ্লে?
অৱশ্যে কাটা লাগাৰ উপৰিও দহ-পোন্ধৰটা গানৰ এলবামত কাম কৰিছে শ্বেফালীয়ে। তেওঁ ২০০৪ চনৰ ছবি 'মুঝছে শাদী কৰোগী'ত বিজুলীৰ চৰিত্ৰত অভিনয় কৰিছিল। জনপ্ৰিয় ৰিয়েলিটি শ্ব' 'নাচ বলিয়ে'ত অংশগ্ৰহণ কৰিছিল। কিন্তু 'কাটা লগা’ৰ দৰে এইসমূহত সফলতা লাভ নকৰিলে শ্বেফালীয়ে।
এতিয়া শেফালীৰ বয়স ৪০। কিন্তু ৰূপৰ জ্বলক একে আছে। ইনষ্টাগ্ৰামত তেওঁৰ লাখ লাখ অনুৰাগী আছে শ্বেফালীৰ।
তেওঁ অলপতে গোৱা ভ্ৰমণ কৰিছিল আৰু কেইবাখনো ছবি পোষ্ট কৰিছিল। তেওঁ এতিয়াও পেছাত এগৰাকী অভিনেত্ৰী। 'ৰাত্ৰি কে যাত্ৰী' শীৰ্ষক হিন্দী ৱেব চিৰিজটো যোৱা বছৰৰ শেষৰ ফালে মুক্তি দিয়া হৈছিল। শেফালীয়ে তাত অভিনয় কৰিছিল।
Leave A Comment