ডিজিটেল ডেস্কঃ ২০০৭ চনত এটা 'অপ্ৰত্যাশিত' ঘটনাক লৈ এক বৃহৎ হুলস্থূলৰ সৃষ্টি হৈছিল। ঘটনাটোৰ সংক্ৰান্তত তৰা গোচৰ এতিয়াও চলি আছে। ঘটনাটো হৈছে হলিউড অভিনেতা ৰিচাৰ্ড গেৰেই ৰাজস্থানত এটা প্ৰচাৰ মূলক অনুষ্ঠানৰ মাজতে বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীক চুম্বন কৰিছিল। ই চৰম বিতৰ্কৰ সৃষ্টি কৰিছিল।
এজন অধিবক্তাই ৰাজহুৱাভাৱে অশালীন আচৰণৰ অভিযোগত হলিউডৰ অভিনেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। অৱশ্যে, অভিনেত্ৰী শিল্পাই গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাই আহিছে। তেওঁ কৈছিল যে ৰিচাৰ্ডৰ বিৰুদ্ধে তেওঁৰ কোনো অভিযোগ নাই। সেই গোচৰটোৰ সংক্ৰান্ততে এইবাৰ বোম্বাই উচ্চ ন্যায়ালয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰতিক্ৰিয়ালৈ বাট চাইছে।
২০০৭ চনৰ ঘটনাটো এতিয়া প্ৰায় সকলোৱে পাহৰি গৈছে। অভিযোগটো অধিবক্তা পুনম চান্দ ভাণ্ডাৰীয়ে দাখিল কৰিছিল। শিল্পাৰ অধিবক্তা মধুকৰ দলৱীয়ে গোচৰটো খাৰিজ কৰিব বিচাৰিছিল। তেওঁ দাবী কৰিছিল যে ঘটনাটো একো অশালীন নাছিল।
মধুকৰে কয়, "অনুষ্ঠানটো এটা দাতব্য সংস্থাৰ দ্বাৰা আয়োজিত কৰা হৈছিল। মূল উদ্দেশ্য আছিল এইডছৰ বিষয়ে সতৰ্কবাণী প্ৰচাৰ কৰা। কোনো কাৰণ নোহোৱাকৈ এটা সৰু ঘটনাক ডাঙৰ কৰা হৈছে।’’
Leave A Comment