ডিজিটেল ডেস্কঃ বিয়াৰ ধুম উঠিছে বলিউডত। আজি সংসাৰ তৰিব সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে। ইতিমধ্যে হৈ গ’ল বিবাহৰ পূৰ্বে ৰং কৰা, মেহেন্দী, সংগীতৰ দৰে অনুষ্ঠান। নিমন্ত্ৰিত অতিথিসকল এজন এজনকৈ আহিব ধৰিছে। মুষ্টিমেয় ১২৫ জন লোকক নিমন্ত্ৰণ দিয়া হৈছে।
বিয়াখন পতা হৈছে ৰাজস্থানৰ জয়ছালমেৰত। মৰুভূমিৰ চহৰখনত অতিথিসকলৰ বাবে এখন বিলাসী হোটেল বুকিং কৰা হৈছে। সূৰ্য্যগড় হোটেল নামৰ ৰাজপ্ৰসাদৰ দৰেই বিশাল হোটেলখনতে বিবাহানুষ্ঠান সম্পন্ন হ’ব।
বিবাহৰ আতিথ্য অভিজাতভাৱে কৰা হৈছে। প্ৰতিদিনে হোটেলখনৰ ৮০টা কোঠা ভাড়াত লোৱা হৈছে, যাৰ মূল্য ২০ হাজাৰ টকাৰ পৰা প্ৰায় ১.৫ লাখ টকালৈকে। আমন্ত্ৰিতসকলৰ ভিতৰত আছে পৰিচালক কৰণ জোহৰ, সাজ-পোছাক ডিজাইনাৰ মনীষ মালহোত্ৰা।
শুনা গৈছে যে কিয়াৰাৰ ‘কবীৰ সিং’ চিনেমাখনৰ সহঃ অভিনেতা শ্বাহিদ কাপুৰেও পত্নীৰ স’তে বিবাহ অনুষ্ঠানত উপস্থিত থাকিব। অতিথিসকলৰ পৰিবহণৰ বাবে ৭০খন বিলাসী গাড়ীৰ ব্যৱস্থা কৰা হৈছে। যিবোৰৰ ভিতৰত আছে মাৰ্চিডিজ, জাগুয়াৰ, বিএমডব্লিউৰ দৰে বিখ্যাত গাড়ী।
যোধপুৰ বিমানবন্দৰৰ পৰা অতিথিসকলক বিয়াৰ স্থানলৈ নিবলৈ এই বাহনসমূহ উপলব্ধ হ’ব। ইয়াৰ বাহিৰেও মনোৰঞ্জনৰ ব্যৱস্থা কৰা হৈছে অতিথিসকলৰ বাবে। চাৰিওফালৰ মৰুভূমিৰ গাতে লাগি থকা অৰণ্যও গাড়ীৰে উপভোগ কৰিব পাৰিব অতিথিসকলে। লগতে থাকিব স্পা আৰু অন্যান্য জিৰণিৰ ব্যৱস্থা।
Leave A Comment