comScore
  • 'বেছৰম ৰং’ এটা মধ্যমীয়া মানদণ্ডৰ গান! 'পাঠান’ৰ গানক লৈ এইদৰে কটাক্ষ কৰিলে এইগৰাকী বলিউডৰ জনপ্ৰিয় গায়িকাই, আৰু কি ক’লে তেওঁ?

    মনোৰঞ্জন
    'বেছৰম ৰং’ এটা মধ্যমীয়া মানদণ্ডৰ গান! 'পাঠান’ৰ গানক লৈ এইদৰে কটাক্ষ কৰিলে এইগৰাকী বলিউডৰ জনপ্ৰিয় গায়িকাই, আৰু কি ক’লে তেওঁ?
    ডিজিটেল ডেস্কঃ 'বেছৰম ৰং’ ভাল নাপালে সোণা মহাপাত্ৰই। বলিউডৰ বিখ্যাত গায়িকাগৰাকীয়ে গানটোক লৈ সমালোচনাও কৰিছে।কয় যে গানটো এটা ‘মধ্যমীয়া মানদণ্ডৰ গীত’। এটা টুইটযোগে তেওঁ কয় যে এই গীতটোৱে কেৱল বিতৰ্কৰ বাবেই জনপ্ৰিয়তা লাভ কৰিছে।

    শেহতীয়াকৈ মুক্তি লাভ কৰিছে সোণা মহাপাত্ৰৰ এটা নতুন গীত। গীতটিৰ নাম 'ৰসৰকেলি ব'। গীতটোৰ মিউজিক ভিডিঅ’টো নিৰ্মাণৰ আঁৰৰ এটা ভিডিঅ’ ক্লিপ গায়িকাগৰাকীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰে। তাত দেখা গৈছে তেওঁ এখন গেৰুৱা ৰঙৰ শাড়ী পিন্ধিবলৈ লৈছে।

    ভিডিঅ’টোৰ স’তে গায়িকাগৰাকীয়ে লিখিছে, “অপ্ৰয়োজনীয় বিতৰ্কই ‘বেচৰমম ৰং’ গীতৰ জনপ্ৰিয়তাত সহায় কৰিছে, গীতটো এটা মধ্যমীয়া মানদণ্ডৰ কাম। নিজৰ পৰিচয় বহন কৰা এটা গীত ইমান সোনকালে জনপ্ৰিয় নহয়।’’

    এই টুইটটোৰ কিছু সময়ৰ পাছতে ভাইৰেল হৈ পৰিছে। বহুতে দাবী কৰে যে তেওঁ সস্তীয়া প্ৰচাৰৰ বাবে জনপ্ৰিয় গীত এটাক লৈ এনে মন্তব্য কৰিছে।

    উল্লেখ্য যে শিল্পা ৰাওৱে কণ্ঠদান কৰা আৰু বিশাল-শেখৰৰ সংগীতেৰে সজোৱা ‘বেশৰাম ৰং’ মুক্তিৰ পিছৰে পৰা কেইবাটাও বিতৰ্কৰ মাজত সোমাই পৰিছে। গীতটোত দীপিকা পাডুকনৰ সাজ-পোছাকে বিতৰ্কৰ সৃষ্টি কৰিছিল।