ডিজিটেল ডেস্কঃ তোমাৰ নাম কি ? এই কৌতুহল মানুহৰ মনৰ পৰা আঁতৰিল ৷ পুনৰ আকৌ ৰাইজৰ মাজত আন এক কৌতুহল সৃষ্টি কৰিবলৈ আহিল কেচটো নগেন ।
ৰাইজক বিস্ময়,আমোদ-প্ৰমোদ দিবলৈ ছবি গৃহলৈ আহি আছে কেচটো নগেন। য’ত দৰ্শকে পাব এক সুকীয়া মাদকতা । ধনজিৎ দাসৰ পৰিচালনাত দক্ষিণ ভাৰতীয় ছবিক ফেৰ মাৰিব পৰাকৈ অহা ৯ মে' তাৰিখে ৰাজ্যখনৰ সকলো ছবি গৃহলৈ আহি আছে কেচটো নগেন নামৰ আন এখন বেংগান্তক হাস্যৰসৰ অসমীয়া বোলছবি ।
য'ত প্ৰবিন অভিনেতা অতুল পাঁচনি,তপন দাসৰ লগতে জনপ্ৰিয় অভিনেতা হিমাংশু প্ৰসাদ দাস , অমৃতা গগৈ , অংকিতা কাশ্যপ, অৰূপজ্যোতি দাসলৈ বহু কেইগৰাকী ন-পুৰণি কলা-কুশলী নাট্য শিল্পীয়ে অভিনয় কৰিছে ছবিখনত ।
কেচটো নগেনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে টংলা ছায়া ছবি গৃহত উপস্থিত হয় "কেচটো নগেন"' ছবিখনৰ কলা-কুশলী সকল ।
স্থানীয় দল-সংগঠন শুভাকাংক্ষীৰ উপস্থিতিত সকলো ৰাইজক ছবিখন আকোৱালি ল’বলৈ অহ্বান "কেচটো নগেন" পৰিয়ালৰ ।
Leave A Comment