comScore
  • আহি পালে গ্ৰীষ্মকাল, তীব্ৰ গৰমত কিদৰে ল’ব নিজৰ যতন? অভিনেত্ৰী ছানী লিয়নীয়ে দিছে বিশেষ টিপছ! পঢ়ক

    মনোৰঞ্জন
    আহি পালে গ্ৰীষ্মকাল, তীব্ৰ গৰমত কিদৰে ল’ব নিজৰ যতন? অভিনেত্ৰী ছানী লিয়নীয়ে দিছে বিশেষ টিপছ! পঢ়ক
    ডিজিটেল ডেস্কঃ কেৱল অভিনেত্ৰীয়েই নহয়, ছানী লিয়নী এগৰাকী স্বাস্থ্য সচেতন ব্যক্তিও। ফিটনেঠ মজবুত ৰখাৰ যুঁজত  বিশেষ যত্ন লয় ছানীয়ে।

    নিজৰ ফিটনেছৰ বিষয়ে ছানীয়ে সদায় স্পষ্টকৈ কয়। বিভিন্ন সাক্ষাৎকাৰত তেওঁ নিজৰ খাদ্যাভ্যাস আৰু ফিটনেছ ৰুটিনৰ কথা কৈ আহিছে। তেওঁ নিজৰ শৰীৰৰ যত্ন কেনেকৈ লয় সেই কথাও কয়। তাইৰ বিউটি ৰুটিনৰ কথাও কয়৷

    গ্ৰীষ্মকাল প্ৰায় আহি পালেহি। বছৰৰ এই সময়ত ছানীয়ে নিজৰ অতিৰিক্ত যত্ন লয়। কাৰণ এই ঋতুটোৱেই শৰীৰ আৰু ছালৰ অৱস্থা বেয়া হোৱাৰ বাবে  সময়। গৰমৰ দিনতো নিজৰ শৰীৰটো সুস্থ আৰু ছালখন জীয়াই ৰাখিবলৈ তাই আত্ম-যত্নৰ প্ৰতি অতিৰিক্ত মনোযোগ দিয়ে।

    শেহতীয়াকৈ ছানীয়ে নিজৰ গ্ৰীষ্মকালীন যতনৰ বিষয়ে মুকলিকৈ ক’লে। গ্ৰীষ্মকালত খাদ্যৰ প্ৰতি আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়।ছানীয়ে বহুবাৰ কৈছে যে তাই খাদ্য খাই ভাল পায়।

    বহুতে বিশ্বাস কৰিব নিবিচাৰে যে ছানী এজন খাদ্যপ্ৰেমী। গৰমৰ দিনতো ছানীৰ খাদ্যাভ্যাসৰ বিশেষ পৰিৱৰ্তন নহয়। কিন্তু খাদ্যৰ পৰিমাণ বহুত কমাই দিয়ে। লগতে সময়মতে খাবলৈ চেষ্টা কৰে৷ দিনে প্ৰচুৰ পৰিমাণে পানী খায়। তেওঁৰ লগত সদায় পানীৰ বটল থাকে। ১৫ মিনিটৰ মূৰে মূৰে পানী খায়।

    তেওঁ কঠিন খাদ্যতকৈ তৰল খাদ্য বেছি পছন্দ কৰে। বিশেষকৈ গৰমৰ দিনত ছানিয়ে তৰল খাদ্য খাবলৈ চেষ্টা কৰে। গোটেই গৰমৰ দিনটো ফলৰ ৰস আৰু চূপৰ ওপৰত নিৰ্ভৰশীল। ছানীৰ মতে, এই নিয়ম মানি চলাৰ বাহিৰে গ্ৰীষ্মকালত সুস্থ হৈ থকাৰ কোনো উপায় নাই।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388