comScore
  • বিয়া পাতিব নেকি তাপসী পান্নুৱে? অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কৰিলে সৰস মন্তব্য! কি ক’লে?

    মনোৰঞ্জন
    বিয়া পাতিব নেকি তাপসী পান্নুৱে? অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কৰিলে সৰস মন্তব্য! কি ক’লে?
    ডিজিটেল ডেস্কঃ অভিনেত্ৰী তাপসী পান্নুৱে নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে বিশেষ প্ৰচাৰ ভাল নাপায়। কিন্তু শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰামত অনুৰাগীৰ এটা প্ৰশ্নৰ উত্তৰ দিছিল।

    এজন অনুৰাগীয়ে তেওঁক সুধিলে, আপোনাৰ বিয়া কেতিয়া হ’ব? উত্তৰত এক মুহূৰ্তৰ পলম নকৰাকৈয়ে তাপচীয়ে ক'লে, "মই গৰ্ভৱতী নহয়"। একে সময়তে তেওঁ ক'লে, "মই এতিয়া বিয়া পাতিবলৈ উলোৱা নাই। সময়ত আপোনালোক সকলোকে জনাম।''

    উল্লেখ্য যে আলিয়া ভাটলৈ নেহা ধুপীয়া — এই যুগৰ কেইবাগৰাকীও বলীউড অভিনেত্ৰীয়ে গৰ্ভধাৰণৰ পিছত বিয়া হোৱাৰ সিদ্ধান্ত লৈছে। তাপসীয়েও হয়তো এই প্ৰসংগেই উত্থাপন কৰিলে৷

    বিগত ৯ বছৰ ধৰি বেডমিণ্টন খেলুৱৈ মাথিয়াছ ব’ৱেৰ সৈতে তাপচিৰ সম্পৰ্ক আছিল। অভিনেত্ৰীগৰাকীয়ে নিজেই কয় যে তেওঁলোকৰ বিয়াৰ কোনো খৰখেদা নাই। এটা সাক্ষাৎকাৰত তাপসীয়ে কয়- ‘‘যেতিয়া  সন্তান জন্ম দিয়াৰ কথা ভাবিম, তেতিয়া  বিবাহৰ কথা ভাবিম। কিন্তু এতিয়াই কোনো সম্ভাৱনা নাই।’’

    ক্ৰীড়াৰ সৈতে যোগাযোগত আছে তাপসী। শেহতীয়াকৈ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজৰ আত্মজীৱনীমূলক ছবি ‘সবাষ মিথু’ত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ ‘ৰশ্মী ৰকেট’ আৰু ‘সাৰ কি আখ’ৰ দৰে ৰাষ্ট্ৰীয় ক্ৰীড়া ছবিত অভিনয় কৰিছে।
    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlineslot gacorsabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388