comScore
  • “কাশ্মীৰ ফাইলছৰ সকলো তথ্য ভুল”- বিস্ফোৰক মন্তব্য বলিউডৰ জনপ্ৰিয় ছৱি পৰিচালক অনুৰাগ কাশ্যপৰ, আৰু কি ক’লে তেওঁ?

    মনোৰঞ্জন
    “কাশ্মীৰ ফাইলছৰ সকলো তথ্য ভুল”- বিস্ফোৰক মন্তব্য বলিউডৰ জনপ্ৰিয় ছৱি পৰিচালক অনুৰাগ কাশ্যপৰ, আৰু কি ক’লে তেওঁ?
    ডিজিটেল ডেস্কঃ দ্যা কাশ্মীৰ ফাইলছত ভুল তথ্য দিয়া হৈছে! এই দাবী কৰিছে বলিউডৰ জনপ্ৰিয় পৰিচালক অনুৰাগ কাশ্যপে। শেহতীয়াকৈ টুইটাৰত দ্যা কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নহোত্ৰী আৰু অনুৰাগ কাশ্যপৰ মাজত তীব্ৰ বিতৰ্ক হয়।

    বিতৰ্কটো সংঘটিত হয় অনুৰাগ কাশ্যপৰ শেহতীয়া এটা সাক্ষাৎকাৰক কেন্দ্ৰ কৰি। তাত পৰিচালকগৰাকীয়ে কৈছিল- “বলিউডৰ সকলোৱে যদি পান-ইণ্ডিয়ান ছৱি বনাবলৈ আৰম্ভ কৰে তেতিয়া সাফল্য ৫-১০ শতাংশলৈ নামি যাব। ‘কান্তাৰা’ আৰু পুষ্পাৰ দৰে ছৱিয়ে সাহস দিয়ে নিজৰ নিজৰ গল্পসমূহ ক’বলৈ। কিন্তু তাৰ অৰ্থ এয়া নহয় যে সকলোৱে এইধৰণৰ ছৱিয়ে নিৰ্মাণ কৰিব লাগিব। মৌলিক বিষয় নিৰ্বাচনৰ সাহস ৰাখিব লাগিব।”

    এই সাক্ষাৎকাৰটোৰ প্ৰতি ভ্ৰুকুটি প্ৰদৰ্শন কৰি টুইট কৰে বিবেক অগ্নিহোত্ৰীয়ে। লিখে- “বলিউডৰ এক আৰু একচ্ছত্ৰ অধীশ্বৰ ওৰফে অনুৰাগৰ বিপৰীতে মই সম্পূৰ্ণ ভিন্ন মত পোষণ কৰো। ভুল হ’ব নেকি?”

    ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুৰাগ কাশ্যপে লিখে- “ভুল আপোনাৰ নহয়। আপোনাৰ চিনেমাৰ ভুল।” 

    তাৰপাছতে ক্ষোভিত হৈ পৰে বিবেক। কাশ্মীৰ ফাইলছৰ বিষয়ে লিখে- “হে ভগৱান, দয়া কৰি এই ছৱিখনৰ বাবে কৰা ৪ বছৰৰ সকলো গৱেষণা ভুল প্ৰমাণিত কৰি দিয়া। গিৰিজা টিকু, বিকে গঞ্জু, বায়ুসেনা হত্যা, নদীমাৰ্গ সকলো কি ভুল আছিল নেকি? কাশ্মিৰী পণ্ডিতৰ ওপৰত কৰা নিৰ্যাতনৰ ৭০০ ভিডিঅ’, সকলো মিছা! প্ৰমাণ কৰি দিয়ক, তাৰ পাছত মই এই ভুল আৰু কেতিয়াও নকৰে।”

    অৱশ্যে বিবেকৰ এই মন্তব্যৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অনুৰাগ কাশ্যপে। কিন্তু দুয়োগৰাকী শীৰ্ষস্থানীয় পৰিচালকৰ এই বিতৰ্কই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।