ডিজিটেল ডেস্কঃ 'দা কেৰেলা ষ্ট’ৰী’ক লৈ দেশজুৰি উত্তপ্ত হৈ থকাৰ মাজতে বক্স অফিচত সফলতা লাভ কৰিছে ছৱিখনে। মুক্তিৰ পিছৰে পৰা এই ছবিখনে অভিলেখ সৃষ্টি কৰি আহিছে। আনকি ছলমান খান আৰু আমিৰ খানকো বক্স অফিচত পিছ পেলাইছে কেৰেলা ষ্ট’ৰিয়ে।
বৃহস্পতিবাৰে আমিৰ খান অভিনীত ‘লাল সিং চাধা‘ শীৰ্ষক চিনেমাখনো পিছ পেলাই দ্য কেৰেলা ষ্ট‘ৰীয়ে। আমিৰ খান অভিনীত ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ৬৯.৯২ কোটি টকা। কিন্তু দ্য কেৰেলা ষ্ট’ৰীয়ে মাত্ৰ ৭ দিনতে এই সংখ্যা অতিক্ৰম কৰিলে। ‘দ্য কেৰেলা ষ্ট’ৰী’-এ মুক্তিৰ পাছত সমগ্ৰ দেশতে মুঠ ৮১.৩৬ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।
বক্স অফিচ বিশেষজ্ঞ তৰণ আদৰ্শে টুইটাৰযোগে দাবী কৰে যে, ‘দ্য কেৰেলা ষ্ট’ৰী’-এ অতি সোনকালে ২০০ কোটি টকা উপাৰ্জন কৰিব। আনকি ২৫০ কোটি টকাৰ উপাৰ্জন কৰাটোও ছবিখনৰ বাবে বেছি টান নহ’ব। এই ছবিখনৰ আয় প্ৰথম সপ্তাহতকৈ দ্বিতীয় সপ্তাহত অধিক বৃদ্ধি পাব।
Leave A Comment