comScore
  • সঁচাকৈয়ে আইআইটিৰ ছাত্ৰী আছিল নে উৰ্বশী ৰাউতেলা? বিজ্ঞান আছিল প্ৰিয় বিষয়, কিন্তু কিয় অভিনেত্ৰী হ’ল উৰ্বশী?

    মনোৰঞ্জন
    সঁচাকৈয়ে আইআইটিৰ ছাত্ৰী আছিল নে উৰ্বশী ৰাউতেলা? বিজ্ঞান আছিল প্ৰিয় বিষয়, কিন্তু কিয় অভিনেত্ৰী হ’ল উৰ্বশী?
    ডিজিটেল ডেস্কঃ অভিনেত্ৰী উৰ্বশী ৰাউটেলা। হাতত বেছি চলচ্চিত্ৰৰ কাম নাথাকিলেও তেওঁ সদায় লাইমলাইটত থাকে। বেছিভাগ সময়তে তেওঁ ব্যক্তিগত জীৱনৰ বাবেই দৃষ্টিৰ কেন্দ্ৰলৈ আহিছে। কেতিয়াবা ১৯০ কোটি টকাৰে ঘৰ কিনাৰ উৰাবাতৰি, কেতিয়াবা ক্ৰিকেট তাৰকা ঋষভ পন্তৰ সৈতে তেওঁৰ সম্পৰ্কৰ উৰাবাতৰি।

    এইবাৰ চৰ্চা হৈছে অভিনেত্ৰীগৰাকীৰ শৈক্ষিক অৰ্হতাক। ইমান দিনে তাই আই আই টিৰ ছাত্ৰী বুলি দাবী কৰি আহিছে। অভিনেত্ৰীগৰাকীক ইনষ্টাগ্ৰামত প্ৰফাইলত এই দাবী কৰাৰ পিছত তেওঁৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে সোধা হৈছিল। অভিনেত্ৰীগৰাকীয়ে ক’লে যে তেওঁ বিজ্ঞানৰ স্নাতক। আই আই টিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

    ''মই এজন ‘এৰ’নটিকেল ইঞ্জিনিয়াৰ’ হ’ব বিচাৰিছিলো। কেইবাদিনো অসামৰিক সেৱাৰ বাবে অধ্যয়ন কৰিছিলো। কিন্তু একো ফল লাভ কৰা নাছিলো। অৱশেষত অভিনেত্ৰী হৈ পৰিলো।’’- অভিনেত্ৰীয়ে কয়।

     তেওঁ কয়, "দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত মোৰ বিষয় আছিল পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান। ফলাফলো যথেষ্ট ভাল। আই আই টি পৰীক্ষাত ক্লিয়াৰ কৰিলোঁ। মই জানো বহুতে মোৰ দৰে আই আই টিত পঢ়াৰ সপোন দেখে। মই প্ৰস্তুতি কৰিলোঁ, পাছ কৰিলোঁ, এয়াই সকলো।''

    ইতিমধ্যে এই সাক্ষাৎকাৰ ৰাজহুৱা হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইল সলনি কৰিছে।