ডিজিটেল ডেস্কঃ বিদ্যা বালানে ২০০৫ চনত 'পৰিণীতা' চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। চেইফ আলী খান তাৰ নায়ক আছিল। বিদ্যা বালানৰ আন এখন ছৱি 'দ্য ডাৰ্টি পিকচাৰ' ২০১১ চনত মুক্তি পাইছিল। অভিনেত্ৰী চিল্ক স্মিথাৰ জীৱনৰ ওপৰত আধাৰিত এই চলচ্চিত্ৰখন মূলতঃ এখন সাংগিতীকধৰ্মী আছিল। চিনেমাখনত বিদ্যাই যথেষ্ঠ খোলামেলা ৰূপত অৱতীৰ্ণ হৈছিল।
দ্যা ডাৰ্টি পিকচাৰ বিদ্যা বালানৰ এখন সফল চিনেমা। কিন্তু প্ৰথম ছৱি 'পৰিণীতা’ৰ নায়ক চৈফে ছবিখন এবাৰো দেখা নাছিল। এই কথা প্ৰকাশ কৰিছে চৈফপত্নী কৰীণা কাপুৰে। কৰীণাই কয় যে যেতিয়াই তেওঁ চৈফক একেলগে বহি 'দ্য ডাৰ্টি পিকচাৰ' চাব বিচাৰে বুলি কৈছিল, চৈফ সন্মত হোৱা নাছিল। কৰীণাই দাবী কৰিছিল যে চৈফক ভয় খোৱা যেন লাগিছিল।
'দ্যা ডাৰ্টি পিকচাৰ’ৰ বিদ্যা বালানৰ দৰে কৰীণাইও শক্তিশালী চৰিত্ৰত অভিনয় কৰিব বিচাৰে নেকি? এই প্ৰশ্নৰ উত্তৰত কৰীণাই কয় যে যদি ছলমান খান, শ্বাহৰুখ খানৰ দৰে তাৰকাৰ থাকে তেন্তে কৰিব, অন্যথা ছৱিখন ফ্লপ হ’ব।
Leave A Comment