• এটি কণমানি শিশুৰ সংগীত প্ৰতিভাই মুগ্ধ কৰিলে এ আৰ ৰহমানক! কোন এই কণমানি চাহানা?

    মনোৰঞ্জন
    এটি কণমানি শিশুৰ সংগীত প্ৰতিভাই মুগ্ধ কৰিলে এ আৰ ৰহমানক! কোন এই কণমানি চাহানা?
    ডিজিটেল ডেস্কঃ ১২ বছৰ বয়সীয়া এগৰাকী কণ্ঠসিল্পীয়ে মন মুহিলে এ আৰ ৰহমানৰ। কণ্ঠশিল্পীগৰাকীৰ নাম- চাহানা নীৰেন কুমাৰ।

    শেহতীয়াকৈ 'কোব্ৰা’ নামৰ এখন তামিল চিনেমাৰ 'থুম্বি থুলাল’ গানটো অতি জনপ্ৰিয় হৈছে। গানটোৰ সুৰ হুবহুভাৱে ডাবল চিনথেচাইজাৰত তুলি ধৰিছে চাহানাই। চাহানাই কৰা গানটোৰ ভিডিঅ’ও সামাজিক মাধ্যমত উপলব্ধ আছে।

    চাহানাৰ ভিডিঅ’টোত ফুটি উঠা সাংগিতীক প্ৰতিভাত মগু্ধ হৈ পৰিল এ আৰ ৰহমান। উল্লেখ্য যে এ আৰ ৰহমানে 'কোব্ৰা’ৰ সংগীত পৰিচালনা কৰিছিল।

    চাহানাৰ ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে প্ৰসিদ্ধ সংগীত পৰিচালকজনে। তাৰপাছতে চাহানাৰ অনুৰাগী বাঢ়ি আহিব ধৰে।

    কিন্তু চাহানাই ইয়াৰ পূৰ্বৰে পৰা জনপ্ৰিয়তা লাভ কৰি আহিছে। গানৰ বাবেই দক্ষিণ ভাৰতত পৰিচিত শিশুশিল্পী তেওঁ।

    চাহানাৰ জন্ম চেন্নাইত ২০১০ চনত। সৰু কালৰে পৰাই ছোৱালীজনীৰ দৃষ্টিশক্তি নাই। কিন্তু শাৰিৰীক প্ৰতিবন্ধকতাৰ স্বত্বেও ৰৈ নগ’ল চাহানা। ৪ বছৰ বয়সৰ পৰাই সংগীত চৰ্চা আৰম্ভ কৰে।

    এটা জনপ্ৰিয় ৰিয়েলিটি শ্ব’তো তেওঁ বিজয়ী হৈছিল। সংগীত পৰিৱেশনৰ সমান্তৰালভাৱে বিভিন্ন বাদ্যও সংগত কৰিব পাৰে চাহানাই। চাহানাৰ সংগীত পৰিৱেশনৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত নিজৰ একাউণ্টত প’ষ্ট কৰে।

    ইতিমধ্যে কেইবাখনো তামিল চিনেমাৰ সংগীতত জড়িত হৈ পৰিছে শিশুশিল্পীগৰাকী। বৰ্তমান তেওঁক তামিল ছৱি জগতৰ 'বেবী চাহানা’ নামেৰে চিনাকি দিয়া হৈছে।