ডিজিটেল ডেস্কঃ ছুপাৰষ্টাৰ আমিৰ খানে তেওঁৰ শেষৰখন ছবি ‘লাল সিং চাদ্দা’ৰ পিছতেই ছবিৰ পৰ্দাৰ পৰা দূৰত্ব বজাই ৰাখিছে। অৱশ্যে আমিৰে নিজৰ আগন্তুক ছবিখনৰ কাম অহৰহ প্ৰচেষ্টা চলাই আছে। এতিয়া অনুৰাগীসকলে তেওঁৰ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে। ছবি জগতত উভতনিৰ সমান্তৰালকৈ আমিৰ খানে এতিয়া ছবি নিৰ্মাণৰ ক্ষেত্ৰতো যথেষ্ট মনোনিৱেশ কৰিছে। ছানী দেওলৰ সৈতেও আমিৰে নিজৰ ছবি সন্দৰ্ভত আলোচনাত মিলিত হৈছে। কিন্তু আনহাতে আমিৰ খানৰ এক মন্তব্যই সকলোকে চিন্তিত কৰি তুলিছে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত আমিৰ খানে জীৱন আৰু মেথিউৰ ওপৰত এটা ডাঙৰ বক্তব্য দিছে। ‘হয়তো কাইলৈ মোৰ শেষ দিন হ'ব’...আমীৰ খানৰ এই বক্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। কেৱল এয়াই নহয়, অভিনেতাগৰাকীয়ে নিজৰ ছবি সন্দৰ্ভতো এক বক্তব্য দিছে। সাক্ষাৎকাৰত আমিৰ খানে কয়, ‘মই জীৱনত কেতিয়াও ৬ খন ছবি একেলগে কৰা নাই। চিনেমা এৰি যোৱাৰ সিদ্ধান্ত লওঁতে মোৰ মনলৈ এটা চিন্তা আহে যে মোৰ কাম কৰিবলৈ মাত্ৰ ১০ বছৰ বাকী আছে।’
আগলৈ তেওঁ কয়, ‘আপুনি জীৱনক বিশ্বাস কৰিব নোৱাৰে। হয়তো কাইলৈ মোৰ শেষ দিন হ’ব... মোৰ জীয়াই থাকিবলৈ মাত্ৰ ১০ বছৰ বাকী আছে। মোৰ বয়স এতিয়া ৫৯ বছৰ আৰু অহা ১০ বছৰত মোৰ বয়স ৭০ বছৰ হ’ব,তেতিয়ালৈকে মই সুস্থ থাকিম বা কাম কৰিব পাৰিম ৷ গতিকে মই ভাবো মই আগৰ তুলনাত ভাল কৰিব লাগিব..’।
আমিৰ খানে ক’লে যে মই বুঢ়া হৈ আহিছো... গতিকে কঠোৰ পৰিশ্ৰমী আৰু প্ৰতিভাৱান ল’ৰা-ছোৱালীক সুযোগ দিব বিচাৰো। ৭০ বছৰ বয়সত অৱসৰ লোৱাৰ আগতে মই বিশ্বাস কৰা প্ৰতিভাৱান লোকসকলৰ বাবে এটা মঞ্চ গঢ়ি তুলিব বিচাৰো।’ কেৱল এয়াই নহয়, আমিৰে এই কথাও কৈছে যে পুত্ৰ জুনেইদ আৰু কন্যা আয়ৰা খান নাথাকিলে অভিনয় এৰিলেহেঁতেন। ২০২২ চনত ‘লাল সিং চাদ্দা’ৰ শ্বুটিংৰ সময়তে আমিৰে ছবিৰ পৰা অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছিল।
Leave A Comment