ডিজিটেল ডেস্কঃ অৱশেষত ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে। ইমান দিনে কানাডাৰ নাগৰিক আছিল অক্ষয় কুমাৰ। অভিনেতাগৰাকীয়ে ভাৰতত ৱৰ্কিং ভিছাৰে বলীউডত কাম কৰি আহিছিল।
কানাডাৰ নাগৰিক হিচাপে বিভিন্ন সময়ত সমলোচনা তথা ট্ৰলৰ সন্মুখীন হৈ আহিছিল অক্ষয় কুমাৰ। বিভিন্ন সময়ত গ্ৰহণ কৰা চৰম সুবিধাবাদী চৰিত্ৰৰ বাবেও অক্ষয় কুমাৰ সমালোচিত হৈ আহিছিল। ইয়াৰ মাজতেঅক্ষয় কুমাৰে তেওঁৰ অনুৰাগীসকলক দিলে ভাল খবৰটো।
৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অক্ষয় কুমাৰে টুইটাৰত ফটোসহ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই লিখিলে,Dil aur citizenship, dono Hindustani. Happy Independence Day! Jai Hind! (হৃদয় আৰু নাগৰিকত্ব দুয়োটাই ভাৰতীয়..স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো..জয় হিন্দ)।
অৱশেষত তেওঁক প্ৰদান কৰা হ’ল ভাৰতীয় নাগৰিকত্ব। ইয়াৰ লগে লগে তেওঁ ত্যাগ কৰিছে ইতিপূৰ্বে গ্ৰহণ কৰা কানাডাৰ নাগৰিকত্ব। যিহেতু ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই সেয়ে তেওঁ কানাডাৰ নাগৰিকত্ব ত্যাগ কৰি ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰি সম্পূৰ্ণ ভাৰতীয় নাগৰিক হৈ পৰিল। ২০১১ চনত কানাডাৰ নাগৰিকত্ব গ্ৰহণ কৰিছিল অক্ষয় কুমাৰে। উল্লেখ্য যে, অভিনেতা অক্ষয় কুমাৰে ২০১৯ তে ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিছিল যদিও বিভিন্ন কাৰণত সেই নাগৰিকত্ব লাভ কৰা নাছিল।
Leave A Comment