comScore
  • আদিল হুছেইনঃ নামেই যাৰ পৰিচয়, কামেই যাৰ আভূষণ

    মনোৰঞ্জন
    আদিল হুছেইনঃ নামেই যাৰ পৰিচয়, কামেই যাৰ আভূষণ
    দেশৰ বলিষ্ঠ অভিনেতাসকলৰ ভিতৰত অন্যতম আদিল হুছেইন। আদিল হুছেইন অসমৰ গৌৰৱ...অসমৰ সুসন্তান। শেহতীয়াকৈ পুনৰ আদিল হুছেইনৰ নাম চৰ্চাত আহি পৰিছে। অসমৰ বহু চৰ্চিত ছবি 'ডক্তৰ বেজবৰুৱা ২'ত এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে আদিল হুছেইনে। বহু ঘাত-প্ৰতিঘাত অতিক্ৰমি দৰ্শকৰ হৃদয়ত সুকীয়া আসন লভিবলৈ সক্ষম হোৱা আদিল হুছেইন কেৱল চলচ্চিত্ৰৰে নহয় মঞ্চ আৰু ধাৰাবাহিকৰো সুদক্ষ অভিনেতা। 

    অসমৰ পৰা গৈ বলীউডত খোপনি পুতা সহজ নহয়, কিন্তু আদিল হুছেইনে পাৰিলে। বলীউডতো আছে আদিল হুছেইনৰ বিশেষ সন্মান। কেৱল বলীউডতে নহয় হলীউততো খোজ পেলাইছে এইগৰাকী বলিষ্ঠ অভিনেতাই। তেওঁ 'দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট' (২০১২) আৰু 'লাইফ অৱ পাই' (২০১২) আদিৰ দৰে হলীউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।

    অসমৰ গোৱালপাৰা জিলাত ১৯৬৩ চনৰ ৫ অক্টোবৰত আদিল হুছেইনৰ জন্ম হৈছিল আৰু তেওঁৰ শৈশৱ তাতেই অতিবাহিত হয়। তেওঁৰ পিতৃ পেচাত এজন শিক্ষক আছিল। মুঠ ৭জন সন্তানৰ ভিতৰত তেওঁ সকলোতকৈ সৰু আছিল। হুছেইনে বিদ্যালয়ত অনুষ্ঠিত নাটক আদিত অভিনয় কৰিছিল। আদিলে ১৮ বছৰ বয়সত ঘৰ এৰি দৰ্শন শিক্ষা অধ্যয়নৰ বাবে গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত নামভৰ্ত্তি কৰে। 

    মহাবিদ্যালয়ত পঢ়ি থকা কালছোৱাত তেওঁ নাটকত ব্যংগাত্মক চৰিত্ৰসমূহত অভিনয় কৰে। আদিল হুছেইনে অসমৰ বিখ্যাত কৌতুকগোষ্ঠী ‘ভায়ামামা’ত বলিউডৰ অভিনেতাসকলৰ ব্যংগাত্মক চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পাছত তেখেতে এখন ভ্ৰাম্যমাণ থিয়েটাৰত যোগ দিয়ে আৰু কিছু স্থানীয় ছবিটো কাম কৰে। আদিল হুছেইনে এনেদৰে প্ৰায় ৬ বছৰ কাল অসমত অতিবাহিত কৰে। ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ তেখেতে দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত (National School of Drama) অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ ‘চাৰ্লছ ৱালেছ ইণ্ডিয়া ট্ৰাষ্ট’ৰ বৃত্তি পাই লণ্ডনৰ ‘ড্ৰামা ষ্টুডিঅ’ লণ্ডন’ত অভিনয়ৰ উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হয়।

    ১৯৯৪ চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত, হুছেইনে অসমৰ 'হেঙুল থিয়েটাৰত' যোগদান কৰি ৩ বছৰ কাম কৰি পুনৰ দিল্লীলৈ যায়। দিল্লীত তেওঁ মঞ্চ কেৰিয়াৰৰ আৰম্ভণি কৰে যদিও খালিদ ত্যাবজীৰ তত্ত্বাৱধানত অভিনয় শিক্ষা বৰ্তাই ৰাখে। ত্যাবজীৰ পাছত তেওঁ পণ্ডিচেৰীৰ অৰবিন্দ্ৰ আশ্ৰমত সৌপান বসুৰ তত্ত্বাৱধানত আৰু পাছ্ত পুনৰ দিল্লীৰ দিলীপ শংকৰৰ ওচৰত অভিনয় শিক্ষা লয়। অভিনেতা হিচাপে, ১৯৯৯ চনত আদিলে 'অ’থেল’: এ প্লে ইন ব্লেক এণ্ড হোৱাইট' (Othello: A Play in Black and White) নাটকৰ বাবে 'এডিনবাৰ্গ ফ্ৰিঞ্জ' পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ পাছতেই ৰয়ষ্টেন এবেল পৰিচালিত 'গুডবাই ডেচডি’মনা' (Goodbye Desdemona) নাটকত অভিনয়ৰ বাবেও প্ৰশংসিত হৈছিল। হাম্পিৰ 'ছ’চাইটি ফৰ আৰ্টিষ্ট এণ্ড পাৰফৰ্মাছ'ৰ ২০০৪ চনৰ পৰা ২০০৭ চনলৈ প্ৰশিক্ষক হোৱাৰ উপৰিও হেগ চহৰৰ 'ৰয়েল কনজাৰভেটৰী অব্‌ পাৰফৰ্মিং আৰ্ট'ৰ আৰু তেখেতৰ পূৰ্বৰ অভিনয়ৰ শিক্ষাস্থল দিল্লীৰ 'ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়'ত এজন অনিয়মিত প্ৰশিক্ষক হিচাপে কাম কৰিছিল।

    ২০০৪ চনত তেওঁ ছোহা আলি খানৰ সৈতে 'ইতি শ্ৰীকান্ত' বোলছবিৰ মুখ্য চৰিত্ৰত অভিনয়েৰে বঙালী ছবিজগতত খোজ পেলায়। দূৰদৰ্শনত বিবিচি ৱৰ্ল্ড চাৰ্ভিচ ট্ৰাষ্টে প্ৰযোজনা কৰা ডিটেকটিভ ধাৰাবাহিক 'জাচুচ বিজয়'ৰ মুখ্য চৰিত্ৰত অভিনয় কৰে আদিল হুছেইনে। এই ধাৰাবাহিকেৰে তেওঁ ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠে। যদিও তেওঁ কেইখনমান অসমীয়া চলচ্চিত্ৰ, বিশাল ভৰদ্বাজৰ 'কমিনে' আৰু ছ'না জৈনৰ 'ফৰ ৰিয়েল' বোলছবিৰ দুই-এটি সৰু চৰিত্ৰত অভিনয় কৰিছিল, ২০১০ চনত মুক্তিপ্ৰাপ্ত অভিষেক চৌবে'ৰ 'ইস্কিয়া' বোলছবিৰ জৰিয়তেহে তেওঁ বলিউডৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বলীউডত তেওঁ প্ৰথমটো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে ২০১২ চনৰ 'এজেণ্ট বিনোদ' বোলছবিত। একেবছৰতে তেওঁ অভিনীত বোলছবি ইটালীৰ পৰিচালক Italo Spinelliৰ 'Gangor', মীৰা নায়াৰৰ 'দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট' আৰু এং লীৰ 'লাইফ অৱ পাই' মুক্তি পায়।

    তেওঁ শ্ৰীদেৱীৰ সৈতে 'ইংলিছ ৱিংলিছ' (২০১২) বোলছবিত অভিনয় কৰি ছবি সমালোচকৰপৰা উচ্চ প্ৰশংসা লাভ কৰে। 'লেছন্‌ছ ইন ফৰগেটিং' বোলছবিত কৰা অভিনয়ৰ বাবেও 'New Jersey Independent South Asian Cine Fest'ত তেওঁ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। 

    প্ৰায় ৬০ খনৰো অধিক ছবিত অভিনয় কৰিছে আদিল হুছেইনে। অসমীয়া ছবি 'ৰ'দৰ চিঠি', 'মাজৰাতিৰ কেতেকী'ত অভিনয় কৰিও সমাদৰ বুটলিবলৈ সক্ষম হৈছিল আদিল হুছেইনে। 'মুক্তি ভৱন', 'মাজৰাতিৰ কেতেকী'ৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বিশেষ জুৰী বঁ‌টা পাবলৈ সক্ষম হৈছিল। 

    আদিল হুছেইনৰ এই বৰ্ণময় যাত্ৰা অপ্ৰতিৰোধ্য হওক...আমাৰ অলেখ শুভকামনা...





    indojawa88slot thailandsabung ayam onlinesv388mahjong ways 2https://www.satudatadesa.com/Link Agen Sabung Ayam Onlinesv388sabung ayam onlinesabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388