comScore
  • আফগান ৰিফিউজী...যেন অবিকল বিগ-বি! নেটিজেনৰ প্ৰশ্ন, ‘এওঁ অমিতাভ বচ্চন নেকি?’

    মনোৰঞ্জন
    আফগান ৰিফিউজী...যেন অবিকল বিগ-বি! নেটিজেনৰ প্ৰশ্ন, ‘এওঁ অমিতাভ বচ্চন নেকি?’
    ডিজিটেল ডেস্কঃ বিশ্ববিখ্যাত ফটোগ্ৰাফাৰ ষ্টিভ মেককাৰীয়ে তোলা এখন পুৰণি ফটো ছ’চিয়েল মিডিয়াত নতুনকৈ ভাইৰেল হৈ পৰিছে আৰু এই ছবিখনে এতিয়া চকু কপালত তুলিছে  নেটিজেনৰ। সৰ্বত্ৰে ছবিখনক লৈ হৈছে চৰ্চা। বলীউডতো উঠিছে আলোড়ন। ছবিখন এগৰাকী আফগান শৰণাৰ্থীৰ যদিও দেখাত সাইলাখ অমিতাভ বচ্চনৰ দৰেই। সেয়েহে ছবিখন দেখি দ্বিধাগ্ৰস্ত নেটিজেন।

    মূৰত পাগুৰী, মুখত বগা দাড়ি, চকুত ঘূৰণীয়া ফ্ৰেমযুক্ত চছমা – ছবিখন দেখি অমিতাভ বচ্চন বুলি নেটিজেনে ভুল কৰাটোৱে স্বাভাৱিক। এনে লাগিছে যেন বিগ বিয়ে নিজকে নতুন ছবি এখনৰ বাবে এইদৰে সজাই তুলিছে। এয়াই তেওঁৰ পৰৱৰ্তী ছবিৰ ৰূপ! কিন্তু নহয়। 

    মন কৰিবলগীয়া যে, এই ছবিখনৰ সৈতে অমিতাভ বচ্চন বা বচ্চন পৰিয়ালৰ কোনো সম্পৰ্ক নাই। আফগানিস্তানৰ পৰা পাকিস্তানলৈ গৈ আশ্ৰয় লোৱা এগৰাকী বৃদ্ধাৰ ছবি এইখন। তেওঁৰ নাম শ্বাবুজৰ বয়স ৬৮ বছৰ। আফগানিস্তানৰ পৰিৱেশ-পৰিস্থিতি সহ্য কৰিব নোৱাৰি দেশ ত্যাগ কৰিছিল বৃদ্ধাগৰাকীয়ে। খবৰ অনুসৰি, বৰ্তমান পাকিস্তানত আশ্ৰয় লৈছে এইগৰাকী বৃদ্ধাই।

    শ্বাবুজৰ এই ছবিখন ২০১৮ চনত তোলা। অমিতাভ বচ্চনৰ মুখৰ সৈতে তেওঁৰ মুখৰ এনে  সাদৃশ্য দেখি স্বাভাৱিকতে হতবাক বলীউডৰ অনুৰাগী। একাংশই আকৌ  তেওঁ যে বিগ বি নহয় তাক বিশ্বাসে কৰিব বিচৰা নাই। ২০১৮ চনতো ভাইৰেল হৈছিল এই ছবিখন। সেই সময়ত ভবা হৈছিল যে ‘থাগছ অৱ হিন্দুস্তান’ ছবিখনৰ বাবেই বিগ বিৰ এই লুক।