comScore
  • হিন্দুত্ববাদী সংগঠনৰ এক গোৰত গংগাত পৰিল 'পাঠান ' ! ৩২ বছৰৰ পিছত কাশ্মীৰত প্ৰথমবাৰৰ বাবে 'হাউচফুল ' চিনেমা হল

    মনোৰঞ্জন
    হিন্দুত্ববাদী সংগঠনৰ এক গোৰত  গংগাত পৰিল  'পাঠান ' ! ৩২  বছৰৰ পিছত কাশ্মীৰত প্ৰথমবাৰৰ বাবে  'হাউচফুল '  চিনেমা হল
    ডিজিটেল ডেস্কঃ অশান্ত কাশ্মীৰত বিগত ৩২ বছৰ ধৰি চিনেমা হল কেতিয়াও   'হাউচফুল '  হৈ পোৱা নাছিল৷ কিন্তু এইবাৰ যেন তাৰ ব্যতিক্ৰম ঘটিল৷ পাঠানৰ যাদুৱে যেন কাশ্মীৰত পুনৰ নতুন এক অভিলেখ গঢ়িবলৈ সক্ষম হ’ল৷ 

    বহুতে সেয়ে ধাৰণা কৰিছে যে কোভিডৰ পিছত বলীউডৰ ভাল দিনবোৰ হয়তো পুনৰ ঘূৰি আহিছে। প্ৰতিদিনে পাঠান ছবি খনে  এটাৰ পিছত এটা উদাহৰণ স্থাপন কৰিছে। কাশ্মীৰত চিনেমা হলত দৰ্শকৰ ভিৰ বঢ়া কথাটোও পাঠান যাদুৰে অংশ হিচাবে পৰিগণিত হৈছে। 

    কাশ্মীৰৰ প্ৰথম মাল্টিপ্লেক্স শ্ৰীনগৰৰ সোনৱাৰ অঞ্চলত উদ্বোধন কৰা হৈছিল। ৩২  বছৰৰ পিছত মুকলি কৰা কাশ্মীৰ ইতিহাসৰ সাক্ষী চিনেমা হলটোত এতিয়া  'হাউচফুল ' হৈছে। 

    ইনোক্সৰ মালিক বিজয় ধৰে প্ৰদান কৰা তথ্য  অনুসৰি ছবিখনৰ মুক্তিৰ দিনাৰে পৰা চিনেমা হলটোত   'হাউচফুল ' হৈ আছে।তেওঁ কয়  "প্ৰথমবাৰৰ বাবে কাশ্মীৰত শ্বাহৰুখ খানৰ ছবিখনে এক অভূতপূৰ্ব সফলতা লাভ কৰিছে। "প্ৰথম দিনাই ছবিখনে দেশ-বিদেশত ১০৬ কোটি টকাৰ ব্যৱসায় কৰিছে। দ্বিতীয় দিনা ছবিখনৰ ব্যৱসায় আছিল ১১৩.৬০ কোটি টকা।

     অৰ্থাৎ প্ৰথম দুদিনত 'পাঠান' ছবি খনে  সমগ্ৰ বিশ্বতে ২১৯ কোটি ৬০ লাখ টকাৰ ব্যৱসায় কৰিছে। এতিয়া এইবুলি আলোচনা হৈছে যে হিন্দুত্ববাদী সংগঠনে প্ৰতিবাদৰ নামত ছবি খনৰ প্ৰচাৰহে চলালে,   গোৰ মাৰি   'পাঠান 'ক   গংগাতহে পেলালে।