• নিজৰ কন্যাৰ স’তে ওঁঠত ওঁঠ ৰাখি গভীৰ চুম্বনত লিপ্ত হ’ল ঐশ্বৰ্য ৰায়! সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ ধুমুহাৰ

    মনোৰঞ্জন
    নিজৰ কন্যাৰ স’তে ওঁঠত ওঁঠ ৰাখি গভীৰ চুম্বনত লিপ্ত হ’ল ঐশ্বৰ্য ৰায়! সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ ধুমুহাৰ
    ডিজিটেল ডেস্কঃ নিজৰ কন্যাৰ ওঁঠত ওঁঠ ৰাখি ফটো শ্বেয়াৰ কৰিছে ঐশ্বৰ্য ৰায় বচ্ছনে। দেখাত সমকামী প্ৰেমৰ দৰে হোৱা এই ফটোখনে সামাজিক মাধ্যমত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    ঐশ্বৰ্য আৰু অভিষেকৰ কন্যা আৰাধ্যাই ১১ বছৰত ভৰি দিলে। জন্মদিন উপলক্ষে মাতৃ ঐশ্বৰ্যই নিজৰ জীয়েকৰ স’তে তেওঁৰ এখনি ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

    ফটোখনত দেখা পোৱা গৈছে যে মাক আৰু জীয়েকে নিবিড়ভাৱে চুম্বনৰত অৱস্থাত আছে। সহজ চুমা নহয়, ওঁঠত ওঁঠ ৰাখি এই চুম্বন কৰা হৈছে।

    ফটোখন শ্বেয়াৰ কৰি ঐশ্বৰ্যই জীয়েক আৰাধ্যাক উদ্দেশ্যি লিখিছে- ''মোৰ ভালপোৱা, মোৰ জীৱন, খুব ভালপাওঁ তোমাক, মোৰ আৰাধ্যা!’’

    তাৰপাছতে সামাজিক মাধ্যমত বিভিন্নজনে ভিন্ন ভিন্ন মন্তব্য কৰিছে। কিছুৱে চুম্বনটোক ভাৰতীয় সংস্কৃতিৰ বিৰোধী বুলি আখ্যা দিছে।

    আনহাতে ঐশ্বৰ্যৰ অনুৰাগীসকলে এই ধৰণৰ মন্তব্যসমূহৰ বিৰুদ্ধাচাৰণ কৰি লিখিছে যে এগৰাকী মাতৃয়ে জীয়েকৰ প্ৰতি থকা স্নেহৰ বাৰ্তা দিছে ফটোখনৰ জৰিয়তে।

    সামাজিক মাধ্যমত হোৱা এই প্ৰতিক্ৰিয়াসমূহৰ কোনো উত্তৰ বৰ্তমানলৈকে দিয়া নাই ঐশ্বৰ্যই।