ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পাছত এতিয়া প্ৰদৰ্শিত হ’ব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সংগ্ৰামৰে ভৰা জীৱনৰ কাহিনী। বিজেপি দলৰ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক লৈ এখন ছবি নিৰ্মাণ হ’ব। কিছুদিনৰ পৰা এই ছবিখনক লৈ যথেষ্ট চৰ্চা চলি আছে। ছবিখনৰ প্ৰথম পোষ্টাৰ আৰু টিজাৰো মুকলি কৰা হৈছে ৷
ছবিখনৰ শিৰোনাম ‘অজেয়-আনট’ল্ড ষ্ট’ৰী অৱ যোগী’ হিচাপে ৰখা হৈছে। ছবিখনত আৱেগ, একশ্যন আৰু ত্যাগৰ অকথিত কাহিনী দেখুওৱা হ’ব। ছবিখনৰ মোচন পোষ্টাৰ মুকলি কৰি প্ৰডাকচন হাউছে ছ’চিয়েল মিডিয়াত কেপচনত লিখিছে -তেওঁ সকলো ত্যাগ কৰিছিল, কিন্তু জনসাধাৰণক নিজৰ বুলি মানি লৈছিল। টিজাৰক লৈ আহি আছে মানুহৰ প্ৰতিক্ৰিয়া।
কোনে কৰিব মুখ্য চৰিত্ৰত অভিনয় ?
মুখ্যমন্ত্ৰী যোগীৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা অনন্ত যোশীয়ে ৷ এই ছবিখনৰ মোচন পোষ্টাৰ বুধবাৰে মুকলি কৰা হয়, য’ত স্পষ্ট হৈ পৰে যে মুখ্যমন্ত্ৰী যোগীৰ শৈশৱ জীৱন, নাথপন্থী যোগী হোৱাৰ সিদ্ধান্ত, ৰাজনীতিত প্ৰৱেশ আৰু মুখ্যমন্ত্ৰী হোৱাৰ যাত্ৰা।
Leave A Comment